/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a5d0546c-bd7b-413d-a58b-fcdd7311b5bf/APSC.jpg)
APSC কেলেংকাৰীঃ
ডিজিটেল ডেস্কঃ এপিএছচি কেলেংকাৰী সন্দৰ্ভত ৰাজপত্ৰিতা বিষয়াক জেৰা অব্যাহত। সোমবাৰে এছআইটিয়ে তলব কৰিছে ৰাজপত্ৰিত বিষয়া ৰুমী তিমুংপীক। আজি চিআইডি কাৰ্যালয়ত হাজিৰ হব লাগিব ৰুমী তিমুংপী।
আটাইকেইখন কাকততে নম্বৰ বৃদ্ধি কৰাৰ অভিযোগ ৰাজপত্ৰিত বিষয়াগৰাকীৰ বিৰুদ্ধে।৫০ ৰ পৰা ১০০ পৰ্যন্ত নম্বৰ বৃদ্ধি। ৰাকেশ পালক টকা দি নম্বৰ লৈছিল ৰুমীয়ে।
ৰাকেশ পালৰ কৃপাতে এপিএছচি পৰীক্ষাত অনুতীৰ্ণ হোৱা ৰুমী হৈছিল এপিএছ বিষয়া।কাট এফ নম্বৰতকৈ বহু কম নম্বৰ কম পাইছিল তেওঁ। যাৰ বাবে ৰাকেশ পালে প্ৰতিখন বিষয়ত ৫০ ৰ পৰা ১০০ নম্বৰ বৃদ্ধি কৰি দিছিল। মুঠ ২০০ নম্বৰ বৃদ্ধি কৰি দিছিল ৰাকেশ পালে।
উল্লেখ্য যে, এপিএছচি কেলেংকাৰীত এতিয়ালৈকে বহু কেইগৰাকী ৰাজপত্ৰিতা বিষয়া গ্ৰেপ্তাৰ হৈছে। এতিয়াও অব্যাহত আছে ইয়াৰ তদন্ত।
Also Read: সঁচাকৈয়ে কৰাচীৰ চিকিৎসালয়ত ভৰ্তি আছে নেকি দাউদ ইব্ৰাহিম? কোনে কৰিলে হত্যাৰ চেষ্টা...