কাজলগাঁৱত ৰাজ্যিক ভিত্তিত ৰাগবী ছেভেনচ চেম্পিয়নশ্বীপ ২০২৩

অসমৰ ছিনিয়ৰ আৰু জুনিয়ৰ ল'ৰা-ছোৱালীৰ শাখাত মুঠ ৯ জিলাৰ ৩৬ টা ৰাগবী দলে অংশগ্ৰহণ কৰিছে

author-image
Asomiya Pratidin
New Update
কাজলগাঁৱত ৰাজ্যিক ভিত্তিত ৰাগবী ছেভেনচ চেম্পিয়নশ্বীপ ২০২৩

ডিজিটেল সংবাদ, চিৰাং : কাজলগাঁৱত ৰাজ্যিক ভিত্তিত ৰাগবী চেম্পিয়নশ্বিপ। আয়োজক সমিতিয়ে জনোৱা অনুসৰি অহা ৫ আৰু ৬ এপ্ৰিলৰ পৰা চিৰাং জিলা ৰাগবি এচোছিয়েচনৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব ৰাগবী চেম্পিয়নশ্বিপ।

Advertisment

কাজলগাঁৱৰ উদাংশ্ৰী আলাৰি প্ৰেমসিং ব্ৰহ্ম মেমোৰিয়াল ৰুৰেল ষ্টেডিয়ামত তৃতীয় সংখ্যক ৰাজ্যিক ভিত্তিত ছিনিয়ৰ আৰু জুনিয়ৰ ৰাগবী ছেভেনচ্ চেম্পিয়নশ্বীপ - ২০২৩ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে । উক্ত ৰাগবি চেম্পিয়নশ্বীপত অসমৰ ছিনিয়ৰ আৰু জুনিয়ৰ ল'ৰা-ছোৱালীৰ শাখাত মুঠ ৯ জিলাৰ ৩৬ টা ৰাগবী দলে অংশগ্ৰহণ কৰিছে ।

অসমৰ নৱ প্ৰজন্মৰ খেলুৱৈসকলক এই ৰাগবী খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই খেলৰ আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে উল্লেখ কৰে।

Also Read: সাজু বৰ্ষাপাৰা : কোনটো পথেৰে যাব পাৰিব ষ্টেডিয়ামলৈ, প্ৰশাসনৰ নিৰ্দেশনা

sports