
ডিজিটেল ডেস্কঃ পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব আই পি এলৰ দুখনকৈ মেচ। অহা ৫ আৰু ৮ এপ্ৰিলত হ'বলগীয়া এই দুখন মেচত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছ আৰু দিল্লী ডেয়াৰডেভিলছৰ বিপক্ষে খেলপথাৰত অৱৰ্তীৰ্ণ হ'ব।
দুয়োখন মেচকলৈ সাজু বৰ্ষাপাৰাৰ লগতে মহানগৰ যান-বাহন আৰক্ষী-প্ৰশাসন। ইতিমধ্যে দুয়োখন মেচৰ সময়ছোৱাৰ বাবে যান-বাহন আৰক্ষীয়ে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে।
৫ এপ্ৰিলৰ দিনা পুৱা ১১ বজাৰ পৰা ৬ এপ্ৰিলৰ নিশা ১ বজালৈ ১৭ আৰু ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত গধূৰ যান–বাহন চলাচল কৰিব নোৱাৰিব। মেচৰ সময়ছোৱাত এ কে আজাদ ৰোড আৰু এ কে দেৱ পথত বাণিজ্যিক আৰু তিনিচকীয়া বাহন ৫ এপ্ৰিলৰ দুপৰীয়া ১ বজাৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব।
একেদৰে ৮ এপ্ৰিলৰ দিনৰ ১১ বজাৰ পৰা নিশা ১০ বজালৈ উক্ত দুয়োটি পথৰ বাবে ওপৰোক্ত নিয়ম বাহাল থাকিব বুলি উল্লেখ। ৩ নম্বৰ প্ৰৱেশ দ্বাৰৰ পাছ থকা দৰ্শকে ৩ নম্বৰ প্ৰৱেশ দ্বাৰেৰে বৰ্ষাপাৰা তিনিআলি হৈ ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব । আনহাতে ৪ নম্বৰ প্ৰৱেশ দ্বাৰৰ পাছ থকাসকলে ভূপেন হাজৰিকা পথেৰে প্ৰেৱশ কৰিব লাগিব।
প্ৰশাসনে জনোৱা অনুসৰি দৰ্শকৰ সুবিধাৰ্থে চম্পাৱতী,গণেশপাৰা,লুটিমা খেলপথাৰত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে, খেলৰ দুয়োটা দিনতে ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব পানীৰ বটল, লাইটাৰ, শীতল পানী জাতীয় খাদ্য, বাদ্য যন্ত্ৰ,আতচবাজি,মাৰণাস্ত্ৰ, হেলমেট, বেগ আদিৰ ক্ষেত্ৰতো নিধেজ্ঞা আৰোপ কৰিছে।