/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/7bd589c1-c8c3-44d4-9b75-5099bd59f771/13.jpg)
এইবাৰ বোকাজানত হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে।
অনুজ্ঞাপত্ৰ নবীকৰণৰ নামত ২৫০০ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল অসামৰিক খাদ্য আৰু যোগান বিভাগৰ কৰ্মচাৰী।
বোকাজানস্থিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ৰ ইউ ডি এ গুৰুপদ দাসে প্ৰতিবেদন (Report) দিয়াৰ নামত লৈছিল উৎকোচ।
অনুজ্ঞাপত্ৰ নবীকৰণৰ নামত বোকাজনৰ চাউল বিতৰণৰ ডিলাৰৰসমূহৰ পৰা দাসে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ।
আনহাতে ডিফুস্থিত গুৰুপদ দাসৰ বাসগৃহতো দুৰ্নীতি নিবাৰক শাখাৰ আন এটা দলে সমান্তৰালভাৱে চলাইছে অভিযান।
Also Read: হিমন্ত,পীয়ুষেই জিকাব গৌৰৱক...