বিশিষ্ট সাংবাদিক, অৱসৰপ্ৰাপ্ত জন সম্পৰ্কৰক্ষী বিষয়া ৰয়েল আহমেদৰ মৃত্যু

বিশিষ্ট সাংবাদিক, অৱসৰপ্ৰাপ্ত জন সম্পৰ্কৰক্ষী বিষয়া ৰয়েল আহমেদৰ মৃত্যু

ডিজিটেল সংবাদ, কামপুৰঃ কলিকতা অসম ভৱনৰ অৱসৰপ্ৰাপ্ত জন সম্পৰ্কৰক্ষী বিষয়া তথা অসমৰ সংবাদ জগতৰ চিনাকি নাম ৰয়েল আহমেদ (৬০) ৰ শনিবাৰে নিশা কলিকতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে ।প্ৰয়াত আহমেদ বহু দিন ধৰি স্নায়ু ৰোগতো আক্ৰান্ত হৈ আছিল।

কামপুৰৰ ৰয়েল আহমেদে কটন কলেজত পঢ়ি থকা অৱস্থাতে বিভিন্ন কাকত আৰু আলোচনীত উন্নতমানৰ লিখনি, প্ৰবন্ধ লিখি বৌদ্ধিক চিন্তা চৰ্চাৰ পৰিচয় দি আহিছিল । প্ৰয়াত আহমেদে শিক্ষা সমাপ্ত কৰি প্ৰথমে গুৱাহাটীৰ প্ৰকাশিত "নতুন দৈনিক"ত সহঃ সম্পাদক হিচাপে যোগদান কৰি "আজিৰ বাতৰি"কে ধৰি কেইবাখনো বাতৰি কাকতত সহঃ সম্পাদক হিচাপে সেৱা আগবঢ়াই পিছলৈ সাপ্তাহিক "ৰংপুৰ" কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

প্ৰয়াত ৰয়েল আহমেদে বিশেষকৈ অসম আন্দোলনৰ সময়চোৱাত আৰু "আলফা"ৰ ভৰপক সময়ত কেইবাটাও তত্বগধুৰ প্ৰবন্ধ ৰচনা কৰি সেই সময়ৰ বৌদ্ধিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । বৰ্তমান অসমৰ প্রতিষ্ঠিত সাংবাদিক মনোজ কুমাৰ গোস্বামী, প্ৰণয় বৰদলৈ, বিমান হাজৰিকা, নৱ ঠাকুৰীয়া, অতনু ভূঞা, শিৱনো বৰা,মিহিৰ দেউৰী, মণিকুন্তল শইকীয়া, হীৰেন শইকীয়া আদি সাংবাদিক সকলৰ সৈতে সহ কৰ্মী সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল । 

উল্লেখ্য যে অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালতে আহমেদে কলিকতাৰ অসম ভৱনত জন সম্পৰ্কৰক্ষী বিষয়া হিচাপে যোগদান কৰি আজিৰ পৰা ছমাহৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল । জন সম্পৰ্কৰক্ষী বিষয়া হৈ থকাৰ সময়তো কলিকতাৰ বিভিন্ন সাহিত্য কৰ্মৰ লগতে সাংস্কৃতিক কাম-কাজৰ সৈতে জড়িত হৈ আছিল । প্ৰয়াত ৰয়েল আহমেদৰ শেষকৃত্য কলিকতাতে সম্পন্ন কৰা হব বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ । বিশিষ্ট সাংবাদিক তথা দায়িত্বশীল বিষয়া গৰাকীৰ মৃত্যুত কামপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ।

মৃত্যুৰ খবৰ পোৱা মাত্ৰকে যথেষ্ট সংখ্যক গুণমুগ্ধ তেওঁৰ কামপুৰস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে । ৰয়েল আহমেদৰ মৃত্যুত একালৰ সতীৰ্থ সাংবাদিক প্ৰণয় বৰদলৈ, হীৰেন শইকীয়া, কামপুৰ উন্নতি সাধিনী সভা, কামপুৰ প্ৰেছ ক্লাৱকে আদি কৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত আহমেদে পত্নীসহ এগৰাকী কন্যা ইহ্ সংসাৰত এৰি থৈ যায় ।

বিশিষ্ট সাংবাদিক, অৱসৰপ্ৰাপ্ত জন সম্পৰ্কৰক্ষী বিষয়া ৰয়েল আহমেদৰ মৃত্যু
দূৰৰ পৰাই পুত্ৰক আৰ্শীবাদঃ ভোট দিবলৈ কিয় নাহিল ডলী গগৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in