/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a20a4a3d-2052-4cb5-9d6c-411451d9eb5d/ssaaaa.jpg)
ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৫সমষ্টিত ভোটাৰৰ ব্যপক সহাঁৰি দেখা পোৱা গ’ল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হাইভল্টেছ সমষ্টি হিচাপে সকলোৰে চকু নিৱদ্ধ হৈ আছিল যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিত। ভোটাৰৰ অভূৰ্তপূৰ্ব সহাঁৰিৰ পাছতে বহুতে যোৰহাটত গৌৰৱ গগৈ বিজয় নিশ্চিত বুলি কলেও বৰ্তমানৰ সাংসদ তপন গগৈকো ভোটাৰে মৰম দিছে বুলি দাবী কৰিছে। ইফালে ডিব্ৰুগড়তো সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে লুৰীণজ্যোতি সবল যুঁজ দিছে বুলি চৰ্চা হৈছে। ভোটযুদ্ধৰ এনে প্ৰেক্ষাপটৰ মাজতে চৰ্চালৈ আহিছে এটা বিশেষ খবৰ।
যোৰহাটবাসীয়ে এইবাৰ গৌৰৱ গগৈক হিয়া উজাৰি মৰম দিছে বুলি চৰ্চা হলেও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ মাতৃ ডলী গগৈয়ে এইবেলি নিৰ্বাচনত ভোট প্ৰদান নকৰিলে। প্ৰাপ্ত খবৰ অনুসৰি, শাৰিৰিক অসুস্থতাৰ বাবে নিৰ্বাচনৰ দিনটোত দিল্লীতে থাকিব লগা হ’ল গৌৰৱ গগৈৰ মাতৃ ডলী গগৈ। শৰীৰে বাধা দিলেও দিল্লীৰ পৰাই পুত্ৰক হিয়া উজাৰি আৰ্শীবাদ দিলে মাতৃয়ে। উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনৰ বহুদিনৰ আগৰে পৰাই শাৰিৰিক অসুস্থতাৰ পৰা দিল্লীতে আছিল ডলী গগৈ।
ইফালে যোৰহাটত ভোটযুদ্ধ সমাপ্ত হোৱাৰ পাছতে আজি মাতৃৰ কাষলৈ উৰা মাৰিলে গৌৰৱ গগৈ। দিল্লীত এটা দিন মাতৃ-পৰিয়ালৰ সৈতে অতিবাহিত কৰাৰ পাছত পুনৰ অসমলৈ উভতিব সাংসদগৰাকী। অসমলৈ আহি নগাঁৱত কেইবাখনো প্ৰচাৰ সভাত অংশ লোৱাৰ কথা আছে গৌৰৱ গগৈয়ে। উল্লেখ কৰা প্ৰয়োজন যে, যোৰহাটত ভোটদানৰ হাৰ আছিল ৭৭শতাংশ। প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৫সমষ্টিৰ ভিতৰত যোৰহাটত ভোটদানৰ হাৰ আছিল সৰ্বাধিক।