বিয়াৰ বাবে বনােৱা অলংকাৰ লুটি নিলে চোৰে, কইনা পৰিয়ালত হাহাকাৰ...

ৰৌতাৰ আমিনপাৰাত দিন দুপৰতে চোৰৰ উপদ্ৰৱ । ঘৰত কোনো নথকাৰ সুযোগত দিনতে চোৰে তহিলং কৰি লৈ গ'ল কেইবা লক্ষাধিক টকাৰ আ-অলংকাৰ ।
চুৰি কাণ্ড
চুৰি কাণ্ড

ডিজিটেল সংবাদ, ৰৌতাঃ ৰৌতাৰ আমিনপাৰাত দিন দুপৰতে চোৰৰ উপদ্ৰৱ । ঘৰত কোনো নথকাৰ সুযোগত দিনতে চোৰে তহিলং কৰি লৈ গ'ল কেইবা লক্ষাধিক টকাৰ আ-অলংকাৰ ।

ঘৰৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ধন, কন্যাৰ বিয়াৰ বাবে বনাই ৰখা সোণ-ৰূপৰ আ-অলংকাৰ । কান্দি-কান্দি ব্যাকুল হৈ পৰিছে ঘৰৰ গৰাকী । ওদালগুৰি জিলাৰ ৰৌতাৰ আমিনপাৰা গাঁৱৰ শ্বাহা আলী নামৰ ব্যক্তি জনৰ ঘৰত সংঘটিত হয় এই চুৰি কাণ্ড ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ দিন দুপৰতে দৰ্জাৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰবেশ কৰে চোৰ । চোৰে আলমিৰা ভাঙি নগদ ৩৮ হাজাৰ টকা, সোনৰ নেকলেচ, চেইন, খাৰু, শাখা, আঙুঠি আৰু ৰূপৰ বিভিন্ন আ-অলংকাৰ চুৰি কৰি লৈ যায় । চুৰে লুটি লৈ যোৱা আ-অলংকাৰৰ মূল্য ৪ লক্ষাধিক টকাৰো অধিক হব বুলি ঘৰৰ গৰাকীয়ে জানিবলৈ দিয়ে।

নিজ কন্যাৰ বিয়াৰ বাবে আগতীয়াকৈ বনাই ৰখা আ-অলংকাৰখিনি চোৰে লৈ যোৱাত মাতৃ গৰাকী কান্দি-কান্দি অস্থিৰ হৈ পৰিছে । এই সন্দৰ্ভত ঘৰৰ গৰাকীয়ে সন্দেহজনক চাৰিজন লোকৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

ইফালে ৰৌতাৰ বিভিন্ন অঞ্চলত নিতৌ বৃদ্ধি পোৱা চুৰি কাৰ্যত উদিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ । ৰৌতাৰ আমিনপাৰা, সিধাখোৱা, ইকৰাবাৰী আদি অঞ্চলত জুৱাৰ প্ৰয়োভৰ ঘটাৰ বাবেই দিনক-দিনে বৃদ্ধি হৈছে চুৰি কাৰ্য ঘটনা । জুৱাৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনায় সচেতন ৰাইজে ।

চুৰি কাণ্ড
কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in