ৰৌতা এনকাউণ্টাৰৰ নতুন তথ্যঃ ডিম্বেশ্বৰ মুছাহাৰীও আছিল কেনাৰামৰ সহযোগী...

ৰৌতা এনকাউণ্টাৰৰ নতুন তথ্যঃ ডিম্বেশ্বৰ মুছাহাৰীও আছিল কেনাৰামৰ সহযোগী...
ৰৌতা এনকাউণ্টাৰৰ নতুন তথ্যঃ ডিম্বেশ্বৰ মুছাহাৰীও আছিল কেনাৰামৰ সহযোগী...

ডিজিটেল সংবাদ ওদালগুৰিঃ ৰৌতাত আৰক্ষীৰ এনকাউন্টাৰত নিহত ডকাইতৰ মৃতদেহক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰ এতিয়াও অন্ত পৰা নাই।‌ আৰক্ষীৰ গুলীত নিহত লোকজন দুধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী বুলি শুকুৰবাৰে চিনাক্ত হোৱাৰ পিছত শনিবাৰে সেইজন ডিম্বেশ্বৰ মুছাহাৰী বুলি এগৰাকী মহিলাই দাবী কৰাত সৃষ্টি হৈছে চাঞ্চল্য।

শুকুৰবাৰে আৰক্ষীয়ে এনকাউণ্টাৰৰ পিছত নিহত লোকজনক দুধৰ্ষ ডকাইত কেনাৰাম বসুমাতাৰী বুলি ঘোষণা কৰাৰ লগতে কেনাৰামৰ পৰিয়ালেও মৃতদেহ চমজি লৈ শেষকৃত্য সমাপন কৰে। কিন্তু আজি সেই মৃতদেহ কেনাৰামৰ নাছিল বুলি দাবী উত্থাপন হৈছে।

বাক্সাৰ গোৱৰ্ধনাৰ জেংৰেংপাৰা গাওঁৰ মঞ্জু মুছাহাৰীয়ে দাবী কৰিছে নিহত লোকজন তেওঁৰ স্বামী ডিম্বেশ্বৰ মুছাহাৰী বুলি। যাৰ বাবে এই এনকাউণ্টাৰৰ ঘটনাই এতিয়া বিতৰ্কৰ সূত্ৰপাত কৰিছে। ইফালে কেনাৰাম বসুমতাৰী হিন্দু ধৰ্মাৱলম্বী লোক আছিল যদিও তেওঁৰ পৰিয়ালে শেষকৃত্য হিন্দু ধৰ্মৰ ৰীতি অনুসৰি সমাপন কৰাৰ পৰিৱৰ্তে কৱৰস্থহে কৰে।

যাকলৈ বহুতেই প্ৰশ্ন উত্থাপন কৰিছে। ইফালে মঞ্জু মুছাহাৰীয়ে কৱৰৰ পৰা মৃতদেহ খান্দি উলিয়াবলৈ জিলা দণ্ডাধীশক আৱেদন জনাব। তাৰ পিছতহে নিশ্চিত হ'ব প্ৰকৃততে এয়া কাৰ মৃতদেহ।

ইফালে মঞ্জু দেৱীয়ে এনকাউণ্টাৰত নিহত হোৱা লোকজন তেওঁৰ স্বামী ডিম্বেশ্বৰ মুছাহাৰী বুলি দাবী কৰাত এতিয়া পোহৰলৈ আহিছে আন কেতোবৰ তথ্য। প্ৰকাশিত ধৰণে ডিম্বেশ্বৰ মুছাহাৰী নহয় সাধাৰণ কৃষক।

ডিম্বেশ্বৰ মুছাহাৰীও এজন অপৰাধীয়েই। পূৰ্বে অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ বাবেই গ্ৰেপ্তাৰ হৈছিল ডিম্বেশ্বৰ। দুধৰ্ষ ডকাইত কেনাৰামৰ সৈতেও ডিম্বেশ্বৰৰ সম্পৰ্ক। দুয়ো একেটা গেঙৰে সদস্য।

২০২০ ত ৰঙিয়া আৰক্ষীয়ে পিষ্টল আৰু সজীপ গুলীসহ গ্ৰেপ্তাৰ কৰিছিল ডিম্বেশ্বৰ মুছাহাৰীক। ৰঙিয়া থানাত ডিম্বেশ্বৰ মুছাহাৰীৰ বিৰুদ্ধে ৭৮৩/২০ নম্বৰত ৰুজু হৈছিল গোচৰ।

ৰৌতা এনকাউণ্টাৰৰ নতুন তথ্যঃ ডিম্বেশ্বৰ মুছাহাৰীও আছিল কেনাৰামৰ সহযোগী...
ইটাপাৰা ৰৌমাৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in