/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
ইটাপাৰা ৰৌমাৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ...
ডিজিটেল সংবাদ বেবেজীয়া: নগাঁও সদৰ সমষ্টিৰ ইটাপাৰা ৰৌমাৰীত আজি পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ৰৌমাৰী তিনিআলিত এখন দোকানৰ সন্মুখত একাংশ লোকে ৫০ উৰ্ধৰ এজন পুৰুষৰ মৃতদেহ পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰি ইটাপাৰা আৰক্ষীক খবৰ দিয়ে।
লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। লোকজনৰ গাৰ বৰণ বগা আৰু জেকেট, লংপেন্ট পৰিধিত ।
স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে লোকজনে বিগত ৪-৫ দিন মানৰ পৰা উক্ত স্থানতে আশ্ৰয় গ্ৰহন কৰিআছিল। বৰ্তমানলৈকে আৰক্ষীয়ে লোকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । লোকজন মানসিকভাবে সক্ষম লোক হ'ব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
Also Read: অন্ত পৰিল মেঘালয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানঃ ফুলবাৰীত স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us