/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/7479d8ff-abad-4483-8878-f2ff6df0737b/15.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত বৃহস্পতিবাৰে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলালে কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে৷ প্ৰথমে পুৱা প্ৰাক্তন উদ্যোগমন্ত্ৰী তথা অগপৰ প্ৰাক্তন উপসভাপতি গুণীন হাজৰিকাৰ বাসগৃহত উপস্থিত হয় ৰ'জলীনা তিৰ্কী। অগপ দলৰ প্ৰাক্তন জ্যেষ্ঠ নেতাগৰাকীৰ উলুৱনীস্থ ঘৰত ৰ'জলীনা তিৰ্কী উপস্থিত হৈ ভোটযুদ্ধৰ বাবে আশীৰ্বাদ লোৱাৰ উপৰি গ্ৰহণ কৰে মন্ত্ৰনাও।
ইয়াৰ পিছতে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰত কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলে। কলিয়াবৰ সমষ্টিৰ মিছাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে মিছামুখ, হালোৱাগাঁও, শিলঘাট, কেলিডেন চাহ বাগিচা, শালনা আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলালে ৰ'জলীনা তিৰ্কীয়ে। ভাষণ প্ৰসংগত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে কয়- "বিজেপিৰ দৰে বিজ্ঞাপনৰ প্ৰচাৰ আমি নকৰোঁ, আমি সাধাৰণ ৰাইজৰ কাষলে আহিছো" l লগতে কয়- বিজেপিৰ নেতাসকলে কেৱল কংগ্ৰেছক সমালোচনা কৰিয়েই নিৰ্বাচনী প্ৰচাৰ চলাইছে কিন্তু নিজৰ শাসনকালত কি উন্নয়ন সাধন কৰিলে সেয়া ৰাইজক অৱগত কৰিব পৰা নাই বুলিও কয় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷
শোষণ-বঞ্চনাৰ দোকান চলোৱা তথা পুঁজিপতিৰ স্বাৰ্থত ঢাক-ঢোল বজোৱা বিজেপিৰ পৰা এতিয়া ৰাইজে পৰিত্ৰাণ বিচাৰিছে ৷ সম্প্ৰিতীৰ লগতে উন্নয়ন আৰু বাক্ স্বাধীনতা যাতে বৰ্তি থাকে তেনে এখন চৰকাৰ গঠন হোৱাৰ কামনা কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীয়ে। শাকমুঠীয়া,শালনা,হাতীগাঁও আদি কেইৱাখনো চাহ বাগিছাত মহিলা ভোটাৰৰ সৈতে ঝুমুৰ নৃত্যত অংশশগ্ৰহন কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ ৰ'জলিনা তিৰ্কীৰ এই নিৰ্বাচনী প্ৰচাৰত কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটীৰ লগতে মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এচ ইউ আই আৰু সেৱা দলৰ বিষয়ববীয়াৰ লগতে দলীয় কৰ্মী সকল উপস্থিত থাকে।