চপাইত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি...

চপাইত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি...

author-image
Asomiya Pratidin
New Update
চপাইত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি...

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মঙলদৈৰ চপাই যুৱ কল্যাণ কেন্দ্ৰৰ উদ্যোগত, ৪৩ সংখ্যক চপাই আঞ্চলিক ৰঙালী বিহু সন্মিলনী আৰু দৰঙী বিহু দলৰ সহযোগত চপাই নেহৰু ময়দানত অনুষ্ঠিত বিহুনাচ আৰু ঢোল বাদন কৰ্মশালাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে।

Advertisment

৫দিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাত দৰঙী বিহু দলৰ দিশা বৰ্মণকে ধৰি বিহুৱা আৰু বিহুৱতীসকলে শতাধিক নৱপ্ৰজন্মক বিহুনাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰে। আনহাতে বিশিষ্ট শিল্পী দ্বিজেন্দ্ৰ মোহন দেৱ শৰ্মাৰ পৰিচালনাত পুৰুষোত্তম দাস ৰচিত বিহু পতাকা উত্তোলন গীত 'শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উচবৰ মধু আলোড়ন' শীৰ্ষক গীতটিৰ আখৰাত আজি অৰ্ধশতাধিক মহিলাই অংশগ্ৰহণ কৰি পৰিবেশ মুখৰিত কৰি তোলে।

বৃহস্পতিবাৰে অনুষ্ঠিত সামৰণি অনুষ্ঠানত শিল্পী দ্বিজেন্দ্ৰ মোহন দেৱ শৰ্মা, ৰূপন চন্দ্ৰ দে, দিশা বৰ্মণক উদ্যোক্তাসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। গণেশ দত্তই আঁতধৰা সামৰণি অনুষ্ঠানত মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভৱেশ নাৰায়ণ চৌধুৰী, প্ৰবীণ খেলুৱৈ ঠগেশ্বৰ বৰুৱা, চপাই যুৱ কল্যাণ কেন্দ্ৰৰ উপদেষ্টা ইবিনাথ ৰাভা, সম্পাদক ৰমেশ চহৰীয়া, গধিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দুগ্ধ ডেকা, শিল্পী দ্বিজেন্দ্ৰ মোহন দেৱ শৰ্মা, ৰূপন চন্দ্ৰ দে, দিশা বৰ্মণ আদিয়ে অংশগ্ৰহণকাৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰে।

Also Read: ছবি গৃহলৈ আহি আছে নতুন অসমীয়া ছবি 'The Mirage-অবাস্তৱ সংগ্ৰামৰ সাৰাংশ'

bihu workshop mangaldai