কাজলগাঁৱত ৰংজালী বৈশাগু উদযাপন

আমন্ত্ৰিত অতিথিসকলক দৈ,চিৰা,গুড় দি আপ্যায়ন কৰা হয়
কাজলগাঁৱত ৰংজালী বৈশাগু উদযাপন

ডিজিটেল সংবাদ, চিৰাং : ৰঙালী বিহুৰ আনন্দত মতলীয়া ৰাজ্যবাসী । পিছপৰি থকা নাই কাজলগাঁৱবাসী। কাজলগাঁৱত চিৰাং জিলা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত ১৫ সংখ্যক ৰংজালী বৈশাগু উদযাপন কৰা হয় ।

ৰাতিপুৱা পতাকা উত্তোলনৰ মাজেৰে ৰংজালী বৈশাগু কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে জিলা এবছুৰ সভাপতিয়ে । পৰম্পৰা অনুসৰি কণিষ্ঠসকলে জেষ্ঠ্য জনক সেৱা জনাই আশীৰ্বাদ লয় ।

আমন্ত্ৰিত অতিথিসকলক দৈ,চিৰা,গুড় দি আপ্যায়ন কৰা হয় । বিশিষ্ট সাহিত্যিক তথা সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত হৰিনাৰায়ণ খাগলাৰীয়ে স্বৰচিত ৰংজালী বৈশাগু গীত পৰিবেশন কৰি লাংদাং বৈশাগু নৃত্য প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰে ।

খাম, চিফুং, ছেৰজাৰ সংগীতৰ তালে তালে বড়ো ছেংৰা (ডেকা) আৰু ছিখলা (গাভৰু) সকলৰ লগতে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী সমন্বিতে সকলোৱে লাংদাং বৈশাগুৰ আনন্দত মাতি উঠে ।

জিলা এবছুৰ আজিৰ এই ৰংজালী বৈশাগুৰ কাৰ্য্যসূচীত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীসহ অন্যান্য প্ৰাক্তন এবছুৰ নেতৃবৰ্গ ।

কাজলগাঁৱত ৰংজালী বৈশাগু উদযাপন
অসম নাট্য সন্মিলনৰ আদৰণীয় পদক্ষেপ : পহিলা ব'হাগৰ দিনা প্ৰবীণ নাট্যকৰ্মীক সম্বৰ্দ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in