অসম নাট্য সন্মিলনৰ আদৰণীয় পদক্ষেপ : পহিলা ব'হাগৰ দিনা প্ৰবীণ নাট্যকৰ্মীক সম্বৰ্দ্ধনা

হাউলী শাখাৰ উপ-সভাপতি ধনঞ্জয় বৰ্মন আৰু সম্পাদক চম্পক নাথ উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
অসম নাট্য সন্মিলনৰ আদৰণীয় পদক্ষেপ : পহিলা ব'হাগৰ দিনা প্ৰবীণ নাট্যকৰ্মীক সম্বৰ্দ্ধনা

ডিজিটেল সংবাদ, ধুবুৰী : অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আজি বছৰটোৰ প্ৰথম দিন অৰ্থাৎ এক ব'হাগত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰবীণ আৰু ৰোগাক্ৰান্ত শিল্পীসকলক ব'হাগ বিহুৰ ওলগ জনোৱাৰ লগতে স্বাস্থ্যৰ বুজ লোৱা হয়।

Advertisment

অসম নাট্য সন্মিলনৰ প্ৰচাৰ কোষৰ সভাপতি যুগান্ত বায়নে জানিবলৈ দিয়ে যে, অসমৰ নাট্য সন্মিলনৰ বিভিন্ন জিলা মণ্ডল আৰু শাখা সমিতিসমূহে নিজ নিজ অঞ্চলত প্ৰবীণ নাট্যকৰ্মীসকলৰ বাসস্থান লৈ গৈ তেওঁলোকৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে নতুন বছৰৰ শুভেচ্ছা জনায়।

নাট্য সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কুমাৰ দীপক দাসে বিজনীত অসমৰ নাট্য জগত লৈ যুগমীয়া অৱদান আগবঢ়োৱা বিজনী অঞ্চলৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তি হৰেন দাস, ফটিকচন্দ্ৰ দাস, অৰুণ বসুমতাৰী আৰু মঞ্জু দাসৰ বাসগৃহ লৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অতীত স্মৃতি ৰুমন্থন কৰি মত বিনিময় কৰে। আনফালে, ধুবুৰী শাখাই ধুবুৰীৰ তিনিজন নাট্যকৰ্মী অৰ্জুন শৰ্মা, নিৰেজ চক্ৰৱৰ্তী, অজয় মিত্ৰ আৰু বৰপেটা শাখাই সু-সাংবাদিক অলনলোচন দাসৰ অসুস্থতাৰ খবৰ লৈ তেখেতৰ আৰোগ্য কামনা কৰে।

হাউলী শাখাইও হাউলীৰ বিশিষ্ট আৰু প্ৰবীণ নাট্য শিল্পী ভুৱনেশ্বৰ পাঠকক তেওঁৰ বাসগৃহত সম্বৰ্ধনা জনায়। বৰপেটা আৰু হাউলী এই অনুষ্ঠানত নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি হৰেকৃষ্ণ দাস আৰু হাউলী শাখাৰ উপ-সভাপতি ধনঞ্জয় বৰ্মন আৰু সম্পাদক চম্পক নাথ উপস্থিত থাকে।

Also Read: হাতীগাঁও আৰক্ষীৰ জালত ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া

artist DRAMA