অসমীয়া প্ৰতিদিনৰ বাতৰিৰ প্ৰভাৱঃ বান্দেনাৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন জলসম্পদৰ মুখ্য অভিযন্তাৰ

অসমীয়া প্ৰতিদিনৰ বাতৰিৰ প্ৰভাৱঃ বান্দেনাৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন জলসম্পদৰ মুখ্য অভিযন্তাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অৱশেষত অসমীয়া প্ৰতিদিনৰ বাতৰিত মৰটোপনি ভাগিল জলসম্পদ বিভাগৰ। জনচক্ষুত ধূলি দি অতি লেহেমীয়া আৰু ক্ৰুটিপূৰ্ণ কামেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াকলৈ হেতালি খেলি আহিছিল ঢকুৱাখনা জলসম্পদ বিভাগে। যাৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰৰ জলধাৰাই প্ৰচণ্ড ৰূপ লৈ যোৱা আগষ্ট মাহতেই বান্দেনা অংশত ব্যাপক খহনীয়া সৃষ্টি কৰিছিল।

ঢকুৱাখনা জলসম্পদ বিভাগৰ লগতে বিধায়ক নৱ দলেও জ্ঞাত আছিল এই বিভীষিকাৰ। কিন্তু কোনো পক্ষৰ সদিচ্ছা নাছিল এই জলন্ত সমস্যাৰ স্থায়ী সমাধানৰ। পৰিণতিত যোৱা প্ৰায় এটা সপ্তাহত প্ৰায় ৫০০মিটাৰ ভিতৰলৈ সোমাই আহি নদীখনে  ১০কোটিটকীয়া ১৬খন পাৰকুপাইন স্ক্ৰীন উটুৱাই নিলে। প্ৰচণ্ড খহনীয়া আৰম্ভ কৰিলে চিচি টেকেলিফুটা মথাউৰিৰ ৬নং স্পাৰত। স্পাৰটোৰ সন্মুখত তীব্ৰ খহনীয়া চলাই জিঅ মেট এপ্ৰন আৰু জিঅ বেগেৰে নিৰ্মিত সুৰক্ষা কৱচৰ বৃহৎ অংশ উটুৱাই নিলে । 

ইমানৰ পাছতো নাকত তেল দি শুই আছিল ঢকুৱাখনা জলসম্পদ বিভাগ । বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা লক্ষী নাথ ফুকন ,শাখা বিষয়া চিত্ৰ ৰঞ্জন পেগুৰ দায়িত্বহীনতাৰ বাবে ভয়ংকৰ ৰূপ ল'লে বান্দেনাৰ খহনীয়া সমস্যাই। এই জটিল সমস্যা সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল" দেওবাৰে আৰু সোমবাৰে বাতৰি প্ৰকাশ হোৱাত থৰকাচুটি হেৰাইছে জলসম্পদ বিভাগৰ।

বাতৰি প্ৰকাশৰ লগে লগেই সোমবাৰে বিয়লি খহনীয়াথলীত উপস্থিত হয় জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ভাস্কৰ শৰ্মা, উত্তৰ মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তা প্ৰবীণ ভূঞা সমন্বিতে শীর্ষ আমোলা। বান্দেনাত উপস্থিত হৈ বিভাগীয় অকমন্য বিষয়াৰ সোপাধিলা কৰ্তব্যৰ নিৰ্মম পৰিণতি পৰিদৰ্শন কৰে মুখ্য অভিযন্তাই ।

ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা, কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো আদি উপস্থিত থাকে মুখ্য অভিযন্তাৰ পৰিদৰ্শন কালত। বিভাগীয় শীর্ষ কাৰিকৰী আমোলাৰ দলটোৱে খহনীয়া আক্ৰান্ত সমগ্ৰ এলেকা পৰিদৰ্শন কৰি বিভাগৰ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়।

বানমুক্ত আৰু খহনীয়ামুক্ত ঢকুৱাখনাৰ প্ৰতিশ্ৰুতি দিয়া জলসম্পদ মন্ত্ৰী পীযুজ হাজৰিকাক মিছলীয়া সজাই বিভাগৰে এচাম বিষয়াই গ্ৰহণ কৰা এনে দায়িত্বহীনতাক কিদৰে মূখ্য অভিযন্তাগৰাকীয়ে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। উল্লেখ্য যে বান্দেনাৰ খহনীয়াগ্ৰস্ত এলেকাত ক্ৰুটিপূৰ্ণ ভগা চিগা পাৰকুপাইন ব্যৱহাৰ কৰি জলসম্পদৰ এছ ডি অ ফুকন আৰু শাখা বিষয়া পেগুৱে সংঘটিত কৰা ভয়ানক অনিয়মো প্ৰত্যক্ষ কৰে মুখ্য অভিযন্তাগৰাকীয়ে । এই বিসংগতি থকা পাৰকুপাইনবোৰ ৰিজেক্ট কৰিব লাগে বুলি কৈ অদ্যপি ব্যৱহাৰ কৰি থকা দিশটো অনুকীয়াই দিয়াত এইবোৰ ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে।

কৰছুং সত্ৰ ৰাস মন্দিৰত ৰঙালী বিহুৰ আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in