নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে ৰঙালী বিহু সন্মিলন উদযাপন

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে ৰঙালী বিহু সন্মিলন উদযাপন

ডিজিটেল সংবাদ,নামৰূপঃ প্ৰতি বছৰৰ দৰে এইবাৰো নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে ৰঙালী বিহু সমাৰোহ উদযাপন কৰা হয়।  তাপ বিদ্যুৎ কেন্দ্ৰৰ স্থায়ী মুকলি মঞ্চত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই ৰঙালী বিহু সমাৰোহত সোমবাৰে পুৱা প্ৰায় ৯.৩০ বজাত বিহুৰ পতাকা  উত্তোলন কৰে  উদযাপন সমিতিৰ সভাপতি তথা উদ্যোগটোৰ মহাপ্ৰবন্ধক যদুপ্ৰাণ বৰগোহাঞিয়ে।

ছহিদ তৰ্পণ কৰে  উদযাপন সমিতিৰ  উপ সভাপতি তথা উপ মহাপ্ৰবন্ধক বিশ্বজ্যোতি গোঁহাইয়ে।  বিহু মঞ্চ উদ্ধোধন কৰে কাৰ্যকৰী সভাপতি তথা উপ মহাপ্রবন্ধক কান্তাৰাম দলেই। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে  নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ সমাজ ব্যৱস্থা হ’ল ঐক্যতাৰ স্মাৰক ।  য'ত  বিষয়া শ্ৰমিক কৰ্মচাৰীৰ মাজত নাই কোনো  পদমর্যাদাৰ বৈষম্য  ।  

তাৰ পৰিপ্ৰেক্ষিততে  উদ্যোগটোৰ  বিতৰণ বিভাগ আৰু উৎপাদন বিভাগৰ বিষয়া কৰ্মচাৰী  সমবেত হৈ  পৰিবেশন কৰে মঞ্চ উদ্বোধনী হুঁচৰি। য’ত অংশগ্ৰহণ কৰে উদ্যোগটোৰ কৰ্মৰত মহিলা কৰ্মচাৰী আৰু গৃহিণীসকলে। 

ইয়াৰ পিছতে অনুষ্ঠিত হয় বয়োজ্যেষ্ঠ লোকসকলৰ সম্বৰ্ধনা অনুষ্ঠান ।  প্ৰতি বছৰৰ দৰে  এইবাৰো উক্ত ব্যতিক্ৰমী অনুষ্ঠানত জীৱনৰ এটা দীঘলীয়া সময় উদ্যোগটোৰ বাবে সেৱা আগবঢ়াই  উৎপাদন বিভাগ আৰু বিতৰণ বিভাগৰ পৰা  অৱসৰ  লোৱা  সমাজ সচেতন  দহ গৰাকী বয়োজ্যেষ্ঠ  কৰ্মচাৰীক সম্বৰ্ধনা  জনোৱা হয়।

দুপৰীয়াৰ পৰা কণী যুঁজ , পিঠা পনা,  টেকেলী ভঙা প্ৰতিযোগিতা আৰম্ভ হয়। ইয়াৰ সমান্তৰালকৈ  সৰু বিহুৱাতী প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশা লৈ স্থানীয় শিল্পীৰ গীত  মাতৰ  সাংস্কৃতিক অনুষ্ঠান। 

মঙ্গলবাৰে  দুপৰীয়া ২বজাৰ  পৰা  জাতীয় সাজ পাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । সন্ধিয়ালৈ অনুষ্ঠিত হ’ব বটা বিতৰণী অনুষ্ঠান ।  নিশা লৈ আমন্ত্ৰিত  শিল্পীৰ  গীতৰ শৰাইৰ লগতে  ৰংমন এনাজৰী বিহু দলৰ হুঁচৰিৰে দুদিনীয়া কাৰ্যসূচীৰ অন্ত পৰিব।

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে ৰঙালী বিহু সন্মিলন উদযাপন
বৈদ্যগড়ত মহিয়সী মহিলা সন্মিলনৰ ৬ষ্ঠ বাৰ্ষিক ৰঙালী বিহু উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in