ৰঙালী বিহু পাতিছিল নেকি? যদি পাতিছিল লাভ কৰক ১ লাখ টকা...

ৰঙালী বিহু পাতিছিল নেকি? যদি পাতিছিল লাভ কৰক ১ লাখ টকা...

ডিজিটেল ডেস্কঃ ৰঙালী বিহুৰ বতৰত হুচৰি, বিহুৱতী,ঢুলীয়া, বিহুগীত, পৰম্পৰাগত খেল-ধেমালী আৰু গীত-মাতৰ প্ৰতিযোগীতা অনুষ্ঠিত হয়।এইবাৰ পিছে এই প্ৰতিযোগীতাবোৰৰ বিপৰীতে আন এক বিশেষ প্ৰতিযোগীতাহে আয়োজন কৰিছে মহানগৰীৰ PHOENIX CREATION's য়ে। সেয়া হ'ল ২০২৩ বৰ্ষত অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ উপলক্ষে প্ৰকাশিত স্মৰণিকা সমূহৰ প্ৰতিযোগীতা।

সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত আয়োজন কৰা এই প্ৰতিযোগীতা লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু আয়োজক সকলে প্ৰকাশিত কৰা স্মৰণিকা সমূহ প্ৰেৰণ কৰিব পাৰিব। এই প্ৰতিযোগীতাৰ পুৰষ্কাৰ সমূহ হ'ল-

১) শ্ৰেষ্ঠ স্মৰণিকা বঁটা- ১ লাখ টকা।

২) দ্বিতীয় শ্ৰেষ্ঠ স্মৰণিকা বঁটা- ৫০,০০০ টকা।

৩) তৃতীয় শ্ৰেষ্ঠ স্মৰণিকা বঁটা- ২৫,০০০ টকা।

ইয়াৰোপৰি এই প্ৰতিযোগীতাত থাকিব

স্মৰণিকাৰ শ্ৰেষ্ঠ বেটুপাত বঁটা- ২০,০০০ টকা।

দ্বিতীয় শ্ৰেষ্ঠ স্মৰণিকা বেটুপাত বঁটা- ১৫,০০০ টকা।

তৃতীয় শ্ৰেষ্ঠ বেটুপাত বঁটা- ১০,০০০ টকা।

শ্ৰেষ্ঠ অলংকৰণ বঁটা- ১৫,০০০ টকা।

শ্ৰেষ্ঠ সম্পাদকীয় বঁটা- ১৫,০০০ টকা।

আয়োজনক সকলে জানিব দিয়া মতে এই প্ৰতিযোগীতাৰ সমান্তৰালভাৱে ২০২৩ বৰ্ষৰ স্মৰণিকাসমূহৰ এক ৰাজ্যিক ভিত্তিক প্ৰদৰ্শনী,স্মৰণিকা সমূহত প্ৰকাশিত বিহু বিষয়ক নিৰ্বাচিত লেখাৰ সংকলনো প্ৰকাশৰ দিয়া কৰিছে।

এই পদক্ষেপ নিসন্দেহে অনন্য আৰু অনুপ্ৰেৰণামূলক। প্ৰতিযোগীতাত অংশ লোৱা বিহু কমিটী সমূহৰ চমু পৰিচয় সন্নিবিষ্ট আন এক গ্ৰন্থও প্ৰকাশ কৰিব আয়োজক সকলে। প্ৰতিযোগীতাত অংশ লবলৈ তলৰ নিয়ম সমূহ বান্ধি দিছে আয়োজক সকলে। নিয়ম সমূহ হ'ল-

১) প্ৰতিযোগীতাৰ বাবে অতি ক'মেও ৫টা স্মৰণিকা কপি প্ৰেৰণ কৰিব লাগিব আয়োজক সকলে।

২) বিহু আয়োজক কমিটীয়ে সেই বিহু খনৰ বিষয়ে ২০০ শব্দৰ ভিতৰত এক চমু পৰিচয় উল্লেখ কৰিব লাগিব।

৩) প্ৰতিযোগীতালৈ প্ৰেৰণ কৰা স্মৰণিকা সমূহত প্ৰকাশিত নিৰ্বাচিত লেখা সংকলিত কৰাৰ ক্ষেত্ৰত কোনো আপত্তি দৰ্শাব নোৱাৰিব।

৪) প্ৰতিযোগীতাত অংশ গ্ৰহণৰ বাবে এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। সেই প্ৰ-পত্ৰৰ লগত ভৰ্তি মাছুল আদায় দিব লাগিব।

৫) প্ৰতিযোগীতাৰ বাবে প্ৰেৰণ কৰা স্মৰণিকা সমূহ ডাক, কুৰিয়াৰ বা হাতে হাতে দিব পাৰিব। অৱশ্যে প্ৰতিযোগীতাৰ ভৰ্তি মাছুল আদায় দিয়াৰ তথ্য ইয়াৰ লগত সংলগ্ন হ'ব লাগিব।

৬) ডাক বা কুৰিয়াৰযোগে প্ৰেৰণ কৰা স্মৰণিকাৰ টোপোলা আয়োজকৰ হাতত নপৰিলে সেই দায়িত্ব আয়োজকৰ নহ'ব।

৭) আয়োজক সকলে প্ৰতিষ্ঠিত লেখক, বিহু গৱেষণাৰে জড়িত বিচাৰকৰ এক উচ্চ পৰ্যায়ৰ কমিটীৰ জৰিয়তে এই স্মৰণিকা সমূহৰ শ্ৰেষ্ঠত্ব নিৰূপন কৰিব। এই ক্ষেত্ৰত বিচাৰক আৰু আয়োজকৰ সিদ্ধান্তই হ'ব চূড়ান্ত।

৮) প্ৰতিযোগীতাৰ বাবে ভৰ্তি মাছুল ২০০০ টকা। এই মাছুল অনলাইন বা নগদ আদায় দিব পাৰিব।

৯) প্ৰতিযোগীতালৈ স্মৰণিকা প্ৰেৰণৰ অন্তিম সময় ৩১ জুলাই, ২০২৩ নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে প্ৰয়োজনত আয়োজক সকলে এই সময় বঢ়াই দিব পাৰিব।

১০) কোনো আইনী ওজৰ-আপত্তি থাকিলে সেয়া গুৱাহাটী আদালততে নিষ্পত্তি কৰা হব।

প্ৰতিযোগীতাৰ বাবে স্মৰণিকা প্ৰেৰণৰ ঠিকনা-

বিহু স্মৰণিকা প্ৰতিযোগীতা ২০২৩.

মাৰফৎ.- দিপ্ত প্ৰসাদ গোস্বামী

হাউচ নং-২৭

প্ৰথম বাইলেন(বাঁওফালে)

এল এন বি পথ , হাতীগাঁও

দিছপুৰ, গুৱাহাটী ৩৮

প্ৰতিযোগীতাৰ সৱিশেষ জনাৰ বাবে যোগাযোগ কৰক-

৯৯৫৪৫৪৪৪৫০, ৮৬৩৮২৮৭৩৫৪

ৰঙালী বিহু পাতিছিল নেকি? যদি পাতিছিল লাভ কৰক ১ লাখ টকা...
অসমীয়া প্ৰতিদিনৰ বাতৰিৰ প্ৰভাৱ; অৱশেষত এচ বি আইৰ ভুৱা বিষয়া আৰক্ষীৰ জালত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in