মৰিগাঁও জিলা কৃষি কাৰ্যালয়ত সজাগতা সভা ও প্ৰশিক্ষণৰ আয়োজন

অনুষ্ঠানটি উদ্বোধন কৰে জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাই
মৰিগাঁও জিলা কৃষি কাৰ্যালয়ত সজাগতা সভা ও প্ৰশিক্ষণৰ আয়োজন
Published on
Updated on

ডিজিটেল সংবাদ,মৰিগাঁওঃ কৃষিভূমিত কীটনাশক ব্যৱহাৰ তথা ইয়াৰ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ বাবে সাজু হৈছে মৰিগাঁও জিলা কৃষি বিভাগ। বৃহস্পতিবাৰে জিলা কৃষি বিভাগৰ 'District Level Task Force'ৰ সদস্যসকলৰ উপস্থিতিত জিলাখনৰ ডিলাৰ, ৰাসায়নিক সাৰ, কীটনাশকৰ ক্ষুদ্ৰ বিক্ৰেতা আৰু খেতিয়কসকলৰ সৈতে এখন সজাগতা ও প্ৰশিক্ষণ সভাৰ আয়োজন কৰা হয়।

জিলা কৃষি বিভাগৰ সভাকক্ষত অনুষ্ঠিত হোৱা সজাগতা মূলক সভাখনত কীটনাশক প্ৰয়োগ আৰু বিক্ৰীৰ ক্ষেত্ৰত নিৰ্দিষ্ট নীতি নিৰ্দেশনাৰ সন্দৰ্ভত কৃষক তথা বিক্ৰেতাসকলক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে গছৰগুৰি কৃষি চক্ৰৰ উন্নয়ন বিষয়া গৌৰৱ কাশ্যপে। অনুষ্ঠানটি উদ্বোধন কৰে জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাই ৷

সজাগতা সভাখনত কৃষি উন্নয়ন বিষয়াসকলৰ লগতে উপস্থিত থাকে বিভাগীয় বিষয়া কৰ্মচাৰী তথা কীটনাশক আৰু সাৰৰ ক্ষুদ্ৰ বিক্ৰেতাসকল।

মৰিগাঁও জিলা কৃষি কাৰ্যালয়ত সজাগতা সভা ও প্ৰশিক্ষণৰ আয়োজন
কৃত্ৰিম বুদ্ধিমত্তা বনাম বৌদ্ধিক অক্ষমতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in