শিমলুগুৰিৰ শংকৰদেৱ শিশু নিকেতনত ব'হাগী আদৰণী অনুষ্ঠান...

শিমলুগুৰিৰ শংকৰদেৱ শিশু নিকেতনত ব'হাগী আদৰণী অনুষ্ঠান...

ডিজিটেল সংবাদ, মথুৰাপুৰঃ অসমীয়াৰ বাপতি সাহোন ব'হাগ বিহুলৈ মাজত মাথো কেইদিনমান বাকী। বিহুটিক আদৰাৰ বাবে প্ৰতিজন অসমীয়াই প্ৰস্তুতি অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ব্যতিক্ৰম নহয় শংকৰদেৱ শিশু নিকেতন, শিমলুগুৰিও । হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ উদ্দেশ্যে বুধবাৰে নিকেতনখনত ছাত্ৰ-ছাত্ৰীসকলে উদযাপন কৰিলে "কপৌফুল ফুলিবৰ বতৰ" শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচীৰ।

ব'হাগ বিহুৰ বিভিন্ন লোকাচাৰ আৰু পৰম্পৰাক প্ৰতীকি অৰ্থত উপস্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰে গৰুক গা ধোৱা, কণী যুঁজ, জ্যেষ্ঠজনক সেৱা কৰা, জলপান খোৱা, গোহালিত জাক দিয়াৰ পৰা সাতবিহুৰ চেৰাবিহুলৈকে। ছাত্ৰ-ছাত্ৰীসকলে হুঁচৰি, জেং বিহু পৰিৱেশন কৰাৰ লগতে অভিভাৱিকাসকলেও প্ৰাণ ঢালি নাচি হেঁপাহৰ বিহুটিক আদৰণি জনায় ।

শিমলুগুৰিৰ শংকৰদেৱ শিশু নিকেতনত ব'হাগী আদৰণী অনুষ্ঠান...
কৰিমগঞ্জত জব্দ প্ৰায় ২৩ লাখ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in