কৰিমগঞ্জত জব্দ প্ৰায় ২৩ লাখ টকা...

কৰিমগঞ্জত জব্দ প্ৰায় ২৩ লাখ টকা...

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত জব্দ প্ৰায় ২৩ লাখ টকা...

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ সমাগত লোকসভা সাধাৰণ নিৰ্বাচনৰ বাবে সমগ্ৰ দেশতেই চলিছে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। সমান্তৰালকৈ অসমতো সমষ্টিয়ে সমষ্টিয়ে বলিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী বতাহ।

Advertisment

আগন্তুক লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসন তৎপৰ হৈ পৰিছে। প্ৰশাসনৰ নিৰাপত্তাৰ মাজতো বুধবাৰে নিশা কৰিমগঞ্জৰ নিলামবজাৰত জব্দ হৈছে বুজন পৰিমাণৰ নগদ ধন। এ এছ ০৮ এ ০৬১৪ নম্বৰৰ বলেৰো বাহনৰ‌ পৰা জব্দ কৰা হৈছে ২২,৯৫,৫০০ টকা ।

নিলাম বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত কেউটকোনা এলেকাত আৰক্ষীয়ে চলোৱা নাকা চেকিং'ত জব্দ হয় বৃহৎ পৰিমাণৰ ধন। আৰক্ষীৰ নাকা  চেকিং প্ৰত্যক্ষ কৰি চালকে বাহন লৈ পলাবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে কৰায়ত্ত কৰে বলেৰো বাহনখন ।

ঘটনাস্থলীত ফ্লাইং স্কোয়াড উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইতিমধ্যে নিলাম বজাৰ আৰক্ষীয়ে ৰূপাৰগুল এলেকাৰ আব্দুছ ছবুৰ নামৰ নামৰ চালকজনক আটক কৰিছে ।অধিক তথ্যৰ বাবে আব্দুছ ছবুৰ'ক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Also Read: বিশ্বনাথত চোৰৰ চাফাই অভিযান

money seized flying squad election karimganj Assam police