ভূমি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উত্তৰ বিচাৰি সৰৱ ৰকিবুল হুছেইন

ভূমি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উত্তৰ বিচাৰি সৰৱ ৰকিবুল হুছেইন

ডিজিটেল সংবাদ, দৌলাশালঃ ব্ৰিটিছে শাসন চলোৱা দি ৰাজ্যত শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ এই মন্তব্য এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একালৰ বিশ্বস্ত ৰকিবুল হুছেইনৰ৷ বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনে শনিবাৰে মুকালমুৱাৰ কাপলাবড়িস্থিত প্ৰয়াত ডা: ভূমিধৰ বৰ্মনৰ বাসগৃহত উপস্থিত হৈ সাংবাদিকৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷

চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে কাপলাবড়িত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ শেহতীয়া ভূমি কেলেংকাৰী সন্দৰ্ভত মন্তব্য কৰি কয় "এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভালৈ আহি উত্তৰ দিব লাগিছিল কিন্তু তেওঁ উত্তৰ দিয়াৰ পৰা বিৰত আছে গতিকে এইক্ষেত্ৰত এইটোকে প্ৰমাণ কৰে যে তেওঁৰ এইক্ষেত্ৰত কিবা আছে৷ আমি বিচাৰিছোঁ যদি আপোনাৰ একো নাই তেতিয়াহলে আপুনি তদন্ত দিয়ক, তদন্ত দিলে মানুহৰ যিটো বু-বু-বা-বা আছে সেইটো শেষ হ'ব ৷ গতিকে তেওঁ যে জড়িত এই কথাখিনি আমি সদনত বাৰম্বাৰ উত্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ বিভিন্ন ডিভাইচৰ যোগেদি ৷ বিৰোধী পক্ষই আমি সন্মিলিতভাবে যুঁজিছোঁ কিন্তু অধ্যক্ষই আমাক অনুমতি নিদিলে ৷ প্ৰথম দিনা আমি উত্থাপন কৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত ৷ সেই দিনা ক'লে যে ডিভাইচ নাই কাৰণে আলোচনা কৰিবলৈ নিদিলে ৷ পিছৰ দিনা আমি আকৌ আনিবলৈ চেষ্টা কৰিলোঁ, আমাৰ কণ্ঠ ৰোধ কৰিবলৈ বিচাৰিছে ৷ পিছৰ দিনা আমাৰ তিনিবাৰ সদন স্থগিত ৰাখিবলগীয়া হ'ল, তিনিবাৰ স্থগিত ৰাখি সদনত তেওঁ সদনলৈ অহা নাই, তেওঁ কথাবোৰ এৰাই চলিছে এইটোৱে প্ৰমাণ কৰিছে যে এইকথাবিলাকত তেওঁ নিজেও জড়িত আছে ৷ আমি বিচাৰিছোঁ যে তেখেতে আহি বাহিৰত কিবা-কিবি কৈ থকাতকৈ বিধানসভাৰ সন্মুখা-সন্মুখীন হ'ব লাগে ৷ আমাৰ তাত থকা তথ্যবোৰ আমি দিম আৰু তেওঁৰ হাতত থকা তথ্যবোৰ তেওঁ দিয়ক, ৰাইজে তেতিয়া খোলাকৈ বুজিব ৷ তেওঁ যেতিয়া নাহিলে, আমি তেতিয়া তদন্ত এটা বিচাৰিছিলোঁ, তদন্ত দিলে হেস্ত-নেস্ত ওলাব ৷ ৰাইজৰ মাজত যিটো এটা ধুৱলি-কুৱলি পৰিৱেশ সৃষ্টি হৈছে সেইটো স্পষ্ট হব ৷ গতিকে এইকথা-বতৰা বিলাকে নহয় উজনিলৈ গ'লেই গম পোৱা যায় যে তেওঁ বিভিন্ন ধৰণৰ বাগানাৰ মালিক ৷

বাগানাৰ শ্ৰমিক সকলৰ বেদনা হ'ল আজি তেওঁলোকৰ লাইতৰ বিল বাঢ়ি গৈছে ৷ এমাহত তিনি হেজাৰ টকা দিবলগীয়া হৈছে যদি তিনিশ টকাহে দিছে ৷ এটা ট্ৰেঞ্চফৰ্মাত যদি ১০০ জন মানুহৰ কানেক্সন থাকে আৰু যদি পাঁচজনে বিল নিদিয়ে ৰাজহুৱা জৰিমনাৰ দৰে সকলোৰে লাইন কাটি দিয়ে, ব্ৰিটিছে যেনেকৈ ৰাজহুৱা জৰিমনা কৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেনেকৈ জৰিমনা কৰিছে ৷ এইবিলাক কথা ক'লে তেওঁ মালিক পক্ষৰ কথা কয় ।মালিক পক্ষ মানে তেওঁ নিজেই মালিক ! গতিকে এই কথাবিলাকৰ আমি তদন্ত বিচাৰিছোঁ । আৰু বৰ বেছিদিন নাই ৷ আমিতো কংগ্ৰেছে বিচৰা নাই বিজেপিৰ One Nation One Election তত্ব ৷

তেওঁলোকে যদি সংখ্যাৰ জোৰত তেনেকৈ কৰে তেতিয়াহলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰু দুই/তিনিমাহ আয়ুস আছে আৰু বেছি দিন নাই ৷ এইটো অহাৰ লগে লগেতো ৰাইজ ৰখি আছে তেওঁৰ যিবিলাক বেয়া কাম , যিবিলাক কৰ-কাতল, মূল্যবৃদ্ধিয়ে মানুহক টেটু চেপি ধৰা ৰাজত্ব সেইটো অৱসান ঘটিব ৷ বেছিদিন নাই সন্মিলিতভাৱে আমি বিৰোধী পক্ষই একত্ৰিত হৈছোঁ সেই সকলৰ চৰকাৰ হ'ব । কেন্দ্ৰটো চৰকাৰ হ'ব ,ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব তাৰ পিছত ৰাইজে মুকলিকৈ হাঁহিব পাৰিব ৷" এই গুৰুত্বপূৰ্ণ মন্তব্যৰে শনিবাৰে বিৰোধীৰ উপ দলপতি ৰকিবুল হুছেইনে সাংবাদিকৰ আগত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে ৷

ভূমি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উত্তৰ বিচাৰি সৰৱ ৰকিবুল হুছেইন
৫ দিনে উদ্ধাৰ হোৱা নাই মহানগৰীত চুৰি হোৱা নৈশ বাছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in