ৰঙাপৰাত পথ দুৰ্ঘটনা এজন নিহত

ROAD ACCIDENT
ROAD ACCIDENT

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাত দেওবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় ৷ ৰঙাপৰাৰ নাগাপথাৰত সংঘটিত হয় পথ দুৰ্ঘটনাটো৷ তেজপুৰ-ৰঙাপৰা অভিমূখী AS- 12-E -4600 নম্বৰৰ যাত্ৰীবাহী বাছৰ খুন্দাত চেঁচা চাহ বাগিচাৰ ১২ নং লাইনৰ আজাদ মুণ্ডা নামৰ লোকজন ঘটনাস্থলীতে নিহত হয় ৷

সন্ধিয়া ৰঙাপৰাৰ পৰা বজাৰ কৰি চাইকেলেৰে ঘৰলৈ গৈ থকা সময়ত বাছখনে খুন্দা মৰাত লোকজনৰ মৃত্যু হয় ৷ দুৰ্ঘটনা সংঘটিত কৰি বাছখন ৰঙাপৰা আৰক্ষী থানাত উপস্থিত হয় ৷ ইয়াৰ পাছতে ৰাইজ উত্তোজিত হৈ পৰে আৰু ৰঙাপৰা বিন্দুকুৰি তেজপুৰ পথচোৱা অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে লাঠি লৈ ৰাজপথত নামে ৰাইজ ৷ জুই জ্বলাই কৰিলে পথ অৱৰোধ ৷

উত্তোজিত ৰাইজে AS-10-6976 নম্বৰৰ বাবা গনেশ নামৰ আন এখন বাছৰ ক্ষতিসাধন কৰে ৷ দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ চালকক বিচাৰি ৰাইজে ৰাজপথত জুই জ্বলাই পথ অৱৰোধ কৰে। ৰাইজে কেইটা ঘন্টা ধৰি পথচোৱা অৱৰোধ কৰি ৰখাৰ ফলত ৰাজপথৰ দুয়োকাষে গাড়ীসমুহ আৱদ্ধ হৈ পৰে ৷ পাছত ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা চলায় ৷

ৰাইজে দুৰ্ঘটনাত নিহত আজাদ মুণ্ডাক ক্ষতিপুৰণ দিয়াৰ লগতে ৰঙাপৰা-তেজপুৰ অভিমুখী য়াত্ৰীবাহী বাছ সমূহৰ নথিপত্ৰ পৰীক্ষা কৰা দাবী জনায় ৷ ম্যাদ উকলি যোৱা গাড়ী সমূহ চলায় থকাৰ অভিযোগ কৰে ৰাইজে ৷ প্ৰশাসনে ৰাইজৰ দাবী সমূহ মানি লোৱাত কেইবা ঘন্টাৰ পাছত ৰাইজে পথচোৱা মুকলি কৰি দিয়ে ৷

ROAD ACCIDENT
অভিমন্যু দাস বিজেপিৰ পোহনীয়া অপৰাধী,হিমন্ত বিশ্বৰ ঘৰৰ মানুহঃ অখিল গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in