/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/bba65dd4-1f74-4724-b517-12e9ca49c452/sssss.jpg)
ডিজিটেল ডেস্ক: ''বিশ্বৰ সৰু চহৰসমূহত বাস কৰা জনসাধাৰণৰ বাবে ৰব'টিক আৰু উন্নত অভিনৱ অস্ত্ৰোপচাৰ শীঘ্ৰেই উপলব্ধ হ'ব''- এই মন্তব্য অসমৰ প্ৰখ্যাত ৰবটিক ছাৰ্জন তথা মালিতগাঁওস্থিত স্বাগত হাস্পাতালৰ স্বত্বাধিকাৰী ড০ সুভাষ খান্নাৰ। গোৱাত অনুষ্ঠিত ''ফেলশ্বিপ ইন এনভাঞ্চ ৰব'টিক এণ্ড ইনোভেশ্যন ছাৰ্জাৰী'' নামৰ অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে তেওঁ।
গোৱাত তেওঁ প্ৰায় ১৫০ জন ছাৰ্জনক ৰব'টিক ছাৰ্জাৰীৰ প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণ তথা ফেলোশ্বিপ কাৰ্যসূচী সম্বোধন কৰি ড০ খান্নাই কয়, "মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে মোৰ প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ দ্বাৰা অৱশেষত ৰবটিক আৰু উন্নত অভিনৱ অস্ত্ৰোপচাৰে এক বিশেষ দিশলৈ গতি কৰিছে । আশা কৰো যে প্ৰশিক্ষণ তথা ফেলোশ্বিপ গ্ৰহণ কৰি থকা শল্য চিকিৎসক সকলৰ জৰিয়তে ই অতি সোনকালে বিশ্বৰ সৰু চহৰসমূহত বাস কৰা জনসাধাৰণৰ বাবে উপলব্ধ হ'ব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/05ecd1c5-089c-45ed-9519-c22aa31b95b3/WhatsApp_Image_2023_01_22_at_8_03_37_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/fd84d4da-3b9c-4267-b3cd-96f5ce99dc50/WhatsApp_Image_2023_01_22_at_8_03_38_PM.jpeg)
তেওঁ কয় যে " প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক পাঠ্যক্ৰমৰ প্ৰশিক্ষণ আৰু কাম ফেলোশ্বিপটোৱে এক উন্নতিৰ শিখৰলৈ গতি কৰে যেতিয়া শ্ৰীৰামচন্দ্ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, চেন্নাইত এই পাঠ্যক্ৰমটো সংযুক্ত কৰিছিল । ইতিমধ্যে প্ৰায় ১৯ দিন আগতে মই আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দ্বাৰা এই সন্দৰ্ভত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছো ''।
এই অনুষ্ঠানৰ জৰিয়তে তেওঁ ন্যায়াধীশ উজ্জল ভূঞা, মুখ্য ন্যায়াধীশ তেলেঙ্গানা আৰু হিমাচলৰ ৰাজ্যপালক ধন্যবাদ জনায়। লগতে প্ৰশিক্ষণত সহায় কৰা কেইবাগৰাকী চিকিৎসককো তেওঁ ধন্যবাদ জ্ঞাপন কৰে।