ভিক্ষা খুজি শিক্ষা দি গুচি গ'ল এজন কোটিপতি...

মাজনিশা মহানগৰীৰ ৰাজপথত এজন অসাধাৰণ অসমীয়া। দেখাত তেওঁ আছিল এজন মগনীয়া। কিন্তু প্ৰখ্যাত পৰিয়ালৰ অৱহেলিত সন্তান আছিল তেওঁ। অৱশেষত এই সংসাৰৰ পৰা ইহলীলা সম্বৰণ কৰিলে তেওঁ।
ভিক্ষা খুজি শিক্ষা দি গুচি গ'ল এজন কোটিপতি...

 মাজনিশা মহানগৰীৰ ৰাজপথত এজন অসাধাৰণ অসমীয়া। দেখাত তেওঁ আছিল এজন মগনীয়া। কিন্তু প্ৰখ্যাত পৰিয়ালৰ অৱহেলিত সন্তান আছিল তেওঁ। অৱশেষত এই সংসাৰৰ পৰা ইহলীলা সম্বৰণ কৰিলে তেওঁ। প্ৰশান্ত বৰা সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন...

 

 

১০ ছেপ্টেম্বৰ ২০১৮। নিশা গভীৰ হৈছিল তেতিয়া।তেওঁ আছিল আমাৰ আকস্মিক অতিথি! নিশা ডেৰ বাজি গৈছিল। আমবাৰীৰ সৰু পানদোকানখন খোলাই আছিল। গাড়ীখনৰ কাষলৈ আহি তেওঁ হাতখন মেলি দিছিল। ভোকত আছে, খাবলৈ টকা লাগে। গুৱাহাটীত সাধাৰণতে সন্মুখীন হোৱা অভিজ্ঞতা এয়া। মানুহজনৰ চুলিবোৰ পকিছিল। দীঘল দাঢ়িকোছাই ঢাকি ৰাখিব পৰা নাছিল তেওঁৰ মুখত বিৰিঙি উঠা বয়সৰ চাপ। তেওঁৰ উজ্বল চকুযোৰ হঠাৎ জিলিকি উঠিছিল গাড়ীৰ লাইটৰ পোহৰত। বৰ আৱেগ আৰু সৰলতাৰে মানুহজনে মুখলে চাই হাতখন পাতিয়েই আছিল। সাধাৰণতে এনেলোকক উপেক্ষা কৰা যায়। মাজনিশা মানুহজনক উপেক্ষা কৰিবলৈ বেয়া লাগিল। তেতিয়ালৈকে তেওঁ এজন অপৰিচিত লোক। যাৰ পৰিচয় 'ভিক্ষাৰী'। জেপত থকা ২০টকীয়া নোটখন তেওঁৰ হাতত গুজি দিছিলো। খিৰিকিৰে হাতখন ভৰাই গালে-মূৰে তেওঁ চুই আশীৰ্বাদ দিছিল। মানুহজনৰ ব্যক্তিত্বৰ প্ৰতি কিবা এটা মোহ অনুভৱ কৰিছিলো। গাড়ীৰ পৰা নামি মানুহজনৰ সৈতে কথা পাতিব বিচাৰিলো।

প্ৰথমতে এনেকৈয়ে হঠাৎ আৰম্ভ হৈছিল তেওঁৰ সৈতে বাৰ্তালাপ…
প্ৰথমতে এনেকৈয়ে হঠাৎ আৰম্ভ হৈছিল তেওঁৰ সৈতে বাৰ্তালাপ…User

হাতত তেওঁৰ এটা বগা পলিথিনৰ বেগ। বেগটোত এটা ছাতি। আমি গৈ থাকোতেই তেওঁৰ সৈতে কথা পাতি গৈছিলো। সতীৰ্থ ৰাজৰ্ষি, ডিম্পুলে সেই দৃশ্য অজ্ঞাতে বন্দী কৰিছিল ম'বাইলত। ক'ব নোৱাৰাকৈয়ে হৈ গৈছিল এটা সাক্ষাৎকাৰ এজন অচিনাকি মানুহৰ সৈতে। কথাপাতি যিমানেই আগবাঢ়িছিলো, কথাবোৰ সিমানেই গভীৰৰ পৰা গভীৰলৈ গুচি গৈছিল। হঠাৎ ৰাজপথত দেখা পাইছিলো এখন আৰক্ষীৰ বাহন। আমি কথা পাতি পাতি আগবাঢ়িলো। কোনেও আমাক একো সোধা নাছিল। কিন্তু মানুহজনে মেলি দিছিল নিজৰ জীৱনৰ অতীত।

তেওঁ পঢ়িছিল মহানগৰীৰ ড'নবস্কত। ছেইণ্ট মেৰিজত আৰম্ভ কৰিছিল প্ৰাথমিক শিক্ষা। ইংৰাজী মাধ্যমত তেওঁ পঢ়া বুলি জনাইছিল। লগতে কৈছিল, শিক্ষা গ্ৰহণ কৰিয়েই তেওঁ এটা চাকৰি কৰিছিল বান নিয়ন্ত্ৰণ বিভাগত।

কেৱল তেওঁৰ কথাই পতা হোৱা নাছিল সেইদিনা। কথাৰ প্ৰসংগতেই গম পাইছিলো ইংৰাজী চিনেমা তেওঁৰ প্ৰিয়। সেই সময়ত তেওঁ কি কি চিনেমা চাইছিল, সুধিছিলো তেওঁক। তেওঁ কৈছিল তেওঁৰ ভাল লগা ইংৰাজী চিনেমাবোৰৰ কথা। বিশ্বাস কৰিব নোৱাৰিব আপুনি। ইমান সাধাৰণভাৱে থকা মানুহ এজনৰ চিনেমাৰ ওপৰতো কি দখল!

মাজনিশা তেওঁৰ ঘৰৰ দিশে আৰম্ভ কৰিছিলো যাত্ৰা…
মাজনিশা তেওঁৰ ঘৰৰ দিশে আৰম্ভ কৰিছিলো যাত্ৰা…User

আমি কথা পাতি খোজকাঢ়ি গৈ গৈ বাৰোৱাৰীৰ এটা সৰু গলিৰে সোমাই গৈছিলো। তাৰপাছত ৭ নম্বৰ ঘৰৰ এটা কোঠাৰ সন্মুখত ৰৈছিলোগৈ। চাবিটো তেওঁ বিচাৰি লৈ তলা খুলি আমাক প্ৰথমে কৈছিল- 'মোৰ ৰূমটো কিন্তু বৰ লেতেৰা। তোমালোকক সেই কাৰণে মই নানো বুলি কৈছিলো। কোঠাটোত কাৰেণ্ট বা ফেন নাই। চাৰিওফালে জাৱৰ-জোথৰেৰে ভৰি আছিল।

এইটোৱে আছিল তেওঁৰ বাসগৃহ।
এইটোৱে আছিল তেওঁৰ বাসগৃহ। User
এইখনে আছিল তেওঁৰ বিচনা।
এইখনে আছিল তেওঁৰ বিচনা। User

বিচনাখনত তেওঁ বহিছিল। আচলতে সেইখন বিচনা বুলিব নোৱাৰি। কোঠাটোৰ সৈতে সংলগ্ন হৈ আছিল আন এটা কোঠা। আমি সেই কোঠালৈ সোমাই গৈছিলো। তাত আছিল কিছু পুৰণি আচবাব আৰু পুৰণি বাতৰি কাকত। তেওঁ ইংৰাজী বাতৰি কাকতেই প্ৰায় পঢ়িছিল। সেইবোৰ ঠাহ খাই আছিল তাত। ধূলি-মাকতিত সেইবোৰ পোত খাই গৈছিল।

এক অভিজাত পৰিয়ালৰ সন্তান আছিল তেওঁ। আজোককাক আছিল কৰ্ণেল। দেউতাকৰ নাম সত্যনাথ বৰা। তেওঁ আছিল চৰকাৰী বিষয়া। মহানগৰীত তেওঁলোকৰ আছিল বহু মাটিবাৰী। সেই পৈতৃক সম্পত্তিৰ অংশ মাতৃয়ে দি গৈছিল। সেইবোৰৰ মূল্য এতিয়া কোটি টকাৰ ওপৰত। কিন্তু তেওঁৰ সেই সম্পত্তি পৰিয়ালৰ লোকে তেওঁ নজনাকৈয়ে দখলৰ চেষ্টা চলাইছিল বুলি তেওঁ অভিযোগ দিছিল। কোটি টকাৰ সম্পত্তি থকাৰ পাছতো তেওঁ তেতিয়া বাটৰ ভিক্ষাৰী । এই কথাও তেওঁ কৈছিল আমাক। আমি কথা পাতি উভতিব লওঁতেই তেতিয়া নিশা আঢ়ৈ বাজিছিল। আমাক আগবঢ়াই দিবলৈ তেওঁ পুনৰ আমাৰ সৈতে আহি থাকোতে আমি পাতিছিলো এইবোৰ কথা-

 তেওঁৰ আন এটা কোঠাত আছিল ধূলি-মাকতিৰে পোত যোৱা পুৰণি কাকতৰ দম।
তেওঁৰ আন এটা কোঠাত আছিল ধূলি-মাকতিৰে পোত যোৱা পুৰণি কাকতৰ দম। User

মানুহজনৰ আছে তীব্ৰ জাতীয়তাবোধ। অসমীয়া জাতি যে সংকটত, তেওঁ উপলব্ধ কৰে। টিভি, টক শ্ব'ত অংশ লোৱা তথাকথিত বুদ্ধিজীৱী তেওঁ নহ'ব পাৰে। কিন্তু তেওঁৰ চিন্তা-চেতনাত প্ৰবাহিত হৈ আছিল অসম আৰু অসমীয়াৰ কথা। উভতি অহাৰ পথত তেওঁ কৈ গৈছিল এইবোৰ-

তেওঁ পৰিয়ালৰ কথা আমাক কৈছিল। বিশিষ্ট বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাৰ পুত্ৰ বিজয় ভূঞাই বিয়া পাতিছিল তেওঁৰ বায়েকক। বায়েকৰ নাম আছিল অলি ভূঞা।

আমি আহি আহি তেওঁৰ সৈতে যি ঠাইৰ পৰা গৈছিলো সেই ঠাই পাইছিলোহি। তাতো তেওঁৰ সৈতে কিছু কথা পতা হৈছিল। তেওঁৰ নাম প্ৰশান্ত বৰা। মানুহে তেওঁক সাধাৰণতে ভাবিছিল মগনীয়া বা ভিক্ষাৰী বুলি। আমবাৰী অঞ্চলত তেওঁক মগনীয়া বুলিয়েই জানিছিল। কিন্তু তেওঁ আছিল এজন অভিজাত পৰিয়ালৰ সন্তান। জীৱনৰ চাকনৈয়াত পৰি তেওঁ বিধ্বস্ত হৈছিল। কোনে ক'ব এইজন মানুহে ছেইণ্ট মেৰিজত পঢ়িছিল। প্ৰথমে ছেইন্ট মেৰিজত ল'ৰায়ো পঢ়িছিল। তাৰ পাছত পঢ়িছিল ড'নবস্কত। তেওঁৰ আছে গভীৰ জীৱনবোধ। আমি তেওঁৰ পৰা বিদায় ল'ব বিচাৰিছিলো। তেতিয়া তেওঁ কৈ আছিল এখন ইংৰাজী বিশেষ ছবিৰ কথা।

তেওঁৰ শোৱনি কোঠাৰ পৰিবেশ আছিল এয়া
তেওঁৰ শোৱনি কোঠাৰ পৰিবেশ আছিল এয়াUser

ৰাতি তেতিয়া ৩ বাজিছিল। আমি তেওঁৰ পৰা বিদায় ল'ব বিচাৰিলো। তেওঁক কৈছিলো- আমি তেওঁক থৈ আহো। তেওঁ সেয়া কৰিব দিয়া নাছিল। কৈছিল নিজেই যাব। এনেকৈয়ে হৈ  গৈছিল এটা সাক্ষাৎকাৰ। কোনো প্ৰস্তুতি নথকাকৈ এজন মানুহক আৱিষ্কাৰ কৰিছিলো সেইদিনা । শেষত তেওঁ হাত দাঙি আমাৰ পৰা বিদায় লৈছিল। মহানগৰীৰ অন্ধকাৰৰ মাজত হেৰাই গৈছিল কিছুসময় আগলৈকে আমাৰ সৈতে থকা মানুহজন। গুচি গৈছিল আগৰ সেই কদৰ্যময় কোঠাটোলৈ। মাতৃয়ে মৰমতে তেওঁক মাতিছিল ভাইটি বুলি। পৰিয়ালৰ কনিষ্ঠ সন্তান আছিল তেওঁ। সকলো থাকিও  একো নাছিল, সৰ্বহাৰা…

অসমীয়া প্ৰতিদিন ডিজিটেলত এই মানুহজনৰ সন্দৰ্ভত এখন প্ৰতিবেদন আৰু সেই সময়ত সংগ্ৰহ কৰা আলোকচিত্ৰ আৰু ভিডিঅ প্ৰকাশ কৰা হৈছিল। বহু মানুহে মানুহজনৰ বিষয়ে জানিছিল। অভিজাত পৰিয়ালটোৰ কোনোবা এজনে সেই প্ৰতিবেদন খন উঠাই দিবলৈ হেঁচাও দিছিল। কিয়নো এইবোৰ কথা হেনো তেওঁলোকৰ আত্মসন্মানত লাগিছিল। তাৰ পাছত মানুহজন এদিন গুচি গৈছিল মাদাৰ অল্ড এজ হোমলৈ। একাংশ সংবাদ মাধ্যম আৰু সাংবাদিকৰ তৎপৰতাত তেওঁ যোৱা ৪ বছৰ ধৰি তাতেই আছিল।

১০ জানুৱাৰী ২০২৩। মানুহজন অসুস্থ হৈ পৰিছিল। লৈ যোৱা হৈছিল চিকিৎসকৰ ওচৰলৈ। চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি জনাইছিল হাওফাও ৰোগত আক্ৰান্ত হৈছে তেওঁ।

 ১৮ জানুৱাৰী ২০২৩ৰ নিশা ৯ বজাত তেওঁ মাডাৰ অল্ড এজ হোমত শেষ নিশ্বাস ত্যাগ কৰিলে। নৱগ্ৰহত অন্তোষ্টিক্ৰিয়া সম্পন্ন হ'ল। পৰিয়ালৰ লোকক খবৰ দিয়া হৈছিল। ভতিজাক এজন আহিছিল তেওঁৰ নশ্বৰ দেহৰ কাষলৈ। এনেকৈয়ে হেৰাই গ'ল প্ৰশান্ত বৰা। সেই মাজ নিশা লগ পোৱা মানুহজন।

আৰু পঢ়ক: ভাল খবৰ! সোমবাৰে মুকলি হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in