অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সৌজন্যত দুদিনীয়াকৈ ৩৭ সংখ্যক ৰঙালী বিহু সন্মিলন...

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সৌজন্যত দুদিনীয়াকৈ ৩৭ সংখ্যক ৰঙালী বিহু সন্মিলন...

ডিজিটেল সংবাদ, ধেমাজি : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সৌজন্যত ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধেমাজি বাসী ৰাইজৰ সহযোগত বুধবাৰৰ পৰা দুদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত ৩৭ সংখ্যক ৰঙালী বিহু সন্মিলন আৰম্ভ হৈছে ৷

বুধবাৰে প্ৰথম দিনা পুৱা ৯.৩০ বজাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰে জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই ৷ পুৱা ৯.৪৫ বজাত সুকীয়া -সুকীয়াকৈ ক্ৰমে ৩৭ সংখ্যক ৰঙালী বিহু সন্মিলনৰ পতাকা আৰু ৩৬ খন পতাকা উত্তোলন কৰে ক্ৰমে উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ শৰ্মা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সৰ্তীথও ধেমাজিৰ বিশিষ্ট ব্যক্তি সকলে ৷

পুৱা ১০ বজাত শ্বহীদ তৰ্পন কাৰ্য্যসূচী সমাপন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক হিতেশ বাইলুঙে ৷ পুৱা ১০.৩০ বজাত পৰম্পৰাগত কণীযুঁজৰ শুভাৰম্ভ কৰে জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা ৰজনী সন্দিকৈয়ে ৷

বিয়লি ২.০০ বজাত ধেমাজি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে উদ্ধোধন কৰা সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত জনপ্ৰিয় অভিনেত্ৰী চুমী বৰাই অংশগ্ৰহণ কৰে ৷ প্ৰায় দুই সহস্ৰাধিক বিহুববীয়া ৰাইজ আৰু বিভিন্ন জনগোষ্ঠীয় বৰ্ণাঢ্য সমন্বয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা শোভাযাত্ৰাই মোহিত কৰে ৰাইজক ৷ বিয়লিলৈ জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন, বিহুৱতী প্ৰতিযোগিতা পিছতেই সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সৌজন্যত দুদিনীয়াকৈ ৩৭ সংখ্যক ৰঙালী বিহু সন্মিলন...
দেশৰ ৯০ শতাংশ প্ৰদেশেই হিট ৱেভৰ কবলত, আহি আছে বিপদ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in