হাওৰাঘাট ষ্টেট বেংকৰ সন্মুখত দিন ডকাইতিঃ টকাৰ বেগ লৈ পলাল যুৱক

হাতত থকা টকাৰ বেগটো লৈ যুৱকজনে মটৰচাইকেলত উঠি উধাও

author-image
Asomiya Pratidin
New Update
হাওৰাঘাট ষ্টেট বেংকৰ সন্মুখত দিন ডকাইতিঃ টকাৰ বেগ লৈ পলাল যুৱক

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰত অৱস্থিত ষ্টেট বেংকৰ সন্মুখতে দিন ডকাইতি। জানিব পৰা মতে শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত লাংহিনৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণকান্ত দাসে হাওৰাঘাট ষ্টেট বেংকৰ পৰা ৭ লাখ টকা উলিয়াই।

টকা উলিয়াই দাসে ঘৰলৈ বুলি কিছু দূৰ খোজকাঢ়ি গৈ শংকৰ মন্দিৰ সন্মুখ পোৱাৰ সময়তে পিছফালৰ পৰা এজন অচিনাক্ত যুৱকে পিঠিত ৰং জাতীয় পদাৰ্থ দলিয়াই দিয়ে। ইয়াৰ পাছতে শিক্ষকজনে বেগটো থৈ যুৱকজনে দলিয়াই দিয়া ৰং জাতীয় পদাৰ্থখিনি পানীৰে ধুবলৈ লয়। তেনে সময়তে অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণ দাসৰ হাতত থকা টকাৰ বেগটো লৈ যুৱকজনে মটৰচাইকেলত উঠি উধাও হয় ।

Also Read: মধুপুৰ সত্ৰৰ উন্নয়ন সম্পৰ্কীয় সভাত সত্ৰখনৰ সত্ৰাধিকাৰ উপেক্ষিতঃ সত্ৰ সমিতিৰ উদ্বেগ প্ৰকাশ

crime Assam police