মধুপুৰ সত্ৰৰ উন্নয়ন সম্পৰ্কীয় সভাত সত্ৰখনৰ সত্ৰাধিকাৰ উপেক্ষিতঃ সত্ৰ সমিতিৰ উদ্বেগ প্ৰকাশ

তদাৰক সমিতিকো সভাখনলৈ নিমন্ত্ৰণ নজনোৱাত সত্ৰখনৰ ভকতসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি

author-image
Asomiya Pratidin
New Update
মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰীয়াৰ দ্ৰুত আৰোগ্য কামনাৰে অখণ্ড ভাগৱত পাঠ...

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ উপায়ুক্ত দিবাকৰ নাথৰ ২০ এপ্ৰিলৰ এক জাননীযোগে অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ আৰু ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত আহ্বান কৰা মধুপুৰ সত্ৰৰ উন্নয়নৰ পৰিকল্পনা আৰু পৰ্যালোচনা কৰা সন্দৰ্ভত এখন সভা আহ্বান কৰা সিদ্ধান্তক মধুপুৰ সত্ৰ সমিতিয়ে আদৰণি জনাইছে। সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিত কয় যে "এই সভালৈ দুৰ্ভাগ্যজনকভাৱে মধুপুৰ সত্ৰ সমিতি আৰু বৰ্তমানৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকতক আমন্ত্ৰণ জনোৱা হোৱা নাই।

Advertisment

সত্ৰখন প্ৰতিষ্ঠা হোৱাৰ পৰা আধ্যাত্মিক, ধাৰ্মিক আৰু আৱেগিকভাৱে সংযুক্ত হৈ থকা আৰু সত্ৰৰ সুখ-দুখৰ সমভাগী হোৱা মধুপুৰৰ স্থানীয় লোকৰ দ্বাৰা গঠিত তদাৰক সমিতিকো সভাখনলৈ নিমন্ত্ৰণ নজনোৱাত সত্ৰখনৰ ভকতসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।"

বিবৃতিটোত সত্ৰ সমিতিয়ে প্ৰকাশ কৰে যে, সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে অসম চৰকাৰ গ্ৰহণ কৰা পদক্ষেপ অতি আদৰণীয়। প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ সুযোগ লৈ এচাম লোকে সত্ৰখনৰ পৰম্পৰাগত ৰীতি-নীতিক বিঘ্নিত কৰাৰ বাবে অহৰহভাৱে চেষ্টা চলাই আছে। প্ৰয়াত সত্ৰাধিকাৰগৰাকীয়ে মাধৱ মহন্ত নামৰ এজন লোকক ডেকা সত্ৰাধিকাৰ হিচাপে নিয়োগ কৰা বুলি নিজে নিজে প্ৰচাৰ চলাই সত্ৰখনৰ ভকতসকলৰ মাজত এক বিভাজনৰ সৃষ্টি কৰাৰ চেষ্টা কৰি আছে।

প্ৰকৃততে মাধৱ মহন্তক শৰণাচাৰ্য্য হিচাপেহে নিয়োগ কৰা হৈছিল। এই সন্দৰ্ভত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থকা উত্তৰ-বংগৰ হৰিপুৰ সত্ৰৰ সত্ৰাধিকাৰ অখিল মহন্তকে ধৰি বিভিন্ন ভকতে লোক জনক ডেকা সত্ৰাধিকাৰ পতা কথা অস্বীকাৰ কৰিছে। ইয়াৰ উপৰিও সেই সময়ত প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ লগত মধুপুৰ সত্ৰ সমিতিৰ সৈতে হোৱা আলোচনাত প্ৰয়াত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই পীতাম্বৰ ভকতে ডেকা সত্ৰাধিকাৰ হিচাপে সত্ৰৰ কাম-কাজ চলাই থকাৰ পৰিপ্ৰেক্ষিতত মাধৱ মহন্তক ডেকা সত্ৰাধিকাৰ হিচাপে নিয়োগ কোৱা কাৰ্য্যক অবান্তৰ কথা হিচাপে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল।

তৎস্বত্তেও মাধৱ মহন্তই এক মনে সজা কাহিনী ৰচনা কৰি মধুপুৰ সত্ৰৰ পৰম্পৰা অনুসৰি বৰপেটা সত্ৰই মালা-নিৰ্মালি দি বৰণ কৰা সত্ৰাধিকাৰ মনোনয়নৰ যি পৰম্পৰা তাক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাই আছে। একে সময়তে পূৰ্বৰ ডেকা সত্ৰাধিকাৰ গৰাকীক শাৰীৰিকভাৱে অপদস্ত কৰাৰ অভিযোগত অভিযুক্ত আৰু সত্ৰ চৌহদত প্ৰৱেশ নিষিদ্ধ কৰা মানিক সেথিয়াক জিলা প্ৰশাসনে আশৈ দিয়া কাৰ্য্যই ভক্তপ্ৰাণ ৰাইজক ব্যথিত কৰিছে।

অতি সম্প্ৰতি সত্ৰৰ ভঁৰালৰ একেবাৰে উদ্ং অৱস্থিতি সত্ৰ সমিতি আৰু ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰে প্ৰত্যক্ষ কৰা কাৰ্য্য অতি চিন্তনীয়। বহু নতুন ভৱন নিৰ্মাণৰ অচিলাৰে সত্ৰ সমিতিয়ে পূৰ্বতে নিৰ্মাণ কৰা পকী বেৰসমূহ ভাঙি দিয়াত আৰু বেৰসমূহ পুনৰ নিৰ্মাণ নকৰাত সেই পথেৰে অসাধু লোকৰ সঘন আহ-জাহ অব্যাহত আছে। ফলত সত্ৰখনৰ ৰজাদিনীয়া বহু মূল্যৱান সম্পদ নাইকীয়া হৈছে। আনকি সত্ৰ চৌহদত নানা ধৰণৰ অনৈতিক কাৰ্য্য সংঘটিত হোৱাৰ বহু উদাহৰণ আছে বুলি বিবৃতিত উল্লেখ।

সত্ৰখনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক লিখিতভাৱে অৱগত কৰিছে বুলি জানিবলৈ দিয়ে। সত্ৰ সমিতিয়ে সভাত অংশ গ্ৰহণ কৰিব বিচৰা সত্ৰাধিকাৰসকলক এই সমগ্ৰ পৰিস্থিতিৰ ওপৰত এক ধনাত্মক পৰ্যালোচনা কৰিবলৈ আহ্বান জনায়।

সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী আৰু সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে অহা ২৫ এপ্ৰিলত মধুপুৰ সত্ৰত হ'বলগীয়া সাধাৰণ সভাত সত্ৰৰ আজীৱন সদস্যকে ধৰি বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ আৰু ভক্তপ্ৰাণ ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনায়।

Also Read: বিশ্বৰ লগতে অসমতো শনিবাৰে ঈদ : পুৱাৰ পৰাই সমূহীয়া নামাজকে ধৰি ব্যাপক আয়োজন

satra