বকোত চাঞ্চল্যকৰ ডকাইতিকাণ্ড

বকোত চাঞ্চল্যকৰ ডকাইতিকাণ্ড

ডিজিটেল ডেস্কঃ বকোৰ বদলাত মঙলবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চি এছ পিৰ স্বত্বাধিকাৰী ৰাশ্বিদুল ইছলামক আক্ৰমণ কৰি ডকাইতে লুটি নিলে নগদ ধন। তিনিজনীয়া ডকাতৰ দল এটাই আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাত প্ৰাপ্ত কৰে ৰাশ্বিদুল ইছলামক।

ঘটনাৰ বিৱৰণ অনুসৰি মঙলবাৰে নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথত ডকাইতৰ দলটোৱে আগুচি ধৰে ৰশ্বিদুল ইছলামক। তিনিজনীয়া দলটোৱে চোকা অস্ত্ৰৰে আঘাত কৰি ৰাশ্বিদুলৰ পৰা লুটি লৈ যায় তেওঁৰ লগত থকা সমুদায় ধন।

আঘাত প্ৰাপ্ত হোৱাৰ পিছত প্ৰথমে ৰাশ্বিদুলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তী কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ৰাশ্বিদুলক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হয়।

ডকাইতৰ আক্রমণৰ পৰা ৰাশ্বিদুল ইছলামক বচাবলৈ যাওতে তৈবুৰ ইছলাম নামৰ আন এজন যুৱকো আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে ডকাইতৰ দলটোৱে। ডকাইতৰ দলটোৱে দুয়োজনকে আহত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও ঘটনাস্থলীত দলটোৱে এখন নম্বৰ প্লেটবিহীন মটৰ চাইকেল এৰি যায়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

বকোত চাঞ্চল্যকৰ ডকাইতিকাণ্ড
মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in