নুমলীগড়ত পথ সুৰক্ষা শিবিৰৰ শুভাৰম্ভণী সভা

৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত দৈনিক বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা ৷ দৈনিক দুৰ্ঘটনাত

author-image
Asomiya Pratidin
New Update
নুমলীগড়ত পথ সুৰক্ষা শিবিৰৰ শুভাৰম্ভণী সভা

ডিজিটেল সংবাদ, নুমলীগড় : ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দৈনিক বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা ৷ দৈনিক দুৰ্ঘটনাত মৃত্যুক সাৱতি লোৱাৰ বিপৰীতে একাংশই চিৰদিনৰ বাবে পংগু জীৱন আকোৱালি ল'ব লগা হৈছে ৷

Advertisment

এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক উন্নয়ন ফ’ৰামৰ উদ্যোগত মঙলবাৰে মৰঙি উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত পথ সুৰক্ষা বিষয়ক পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ অসামৰিক সুৰক্ষা,পৰিবহণ বিভাগৰ লগতে বিভিন্ন দল-সংগঠন আৰু বহুকেইখন গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে ৷

আজিৰে পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানৰ পৰা নুমলীগড়লৈ ৬ টাকৈ স্থানত এনে পথ সুৰক্ষা শিবিৰ আৰু সভা অনুষ্ঠিত কৰিব বুলি সামাজিক উন্নয়ন ফ’ৰামৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই জানিবলৈ দিয়ে।

আৰু পঢ়কঃ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱলৈ মাজত মাত্ৰ কিছুদিন বাকী, খোল তালৰ শব্দত মুখৰিত জামুগুৰিহাটৰ পৰিৱেশ

road safety national highway