ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱলৈ মাজত মাত্ৰ কিছুদিন বাকী, খোল তালৰ শব্দত মুখৰিত জামুগুৰিহাটৰ পৰিৱেশ

দেশৰ ভিতৰতে একক বৃহৎ সামাজিক,সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ

author-image
Asomiya Pratidin
New Update
ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱলৈ মাজত মাত্ৰ কিছুদিন বাকী, খোল তালৰ শব্দত মুখৰিত জামুগুৰিহাটৰ পৰিৱেশ

খোল তালৰ শব্দত মুখৰিত জামুগুৰিহাটৰ পৰিৱেশ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ দেশৰ ভিতৰতে একক বৃহৎ সামাজিক,সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱলৈ মাজত মাত্ৰ ১৯ দিন বাকী ৷ প্ৰতি ৫ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা ২২৬ বছৰীয়া ইতিহাস গৰকা বাৰেচহৰীয়া ভাওনা মহোৎসৱ উপলক্ষে জামুগুৰিবাসী ৰাইজ ব্যস্ত হৈ পৰিছে।

Advertisment

ইয়াৰ সমান্তৰালকৈ এইবেলি বাৰেচহৰীয়া ভাওনাৰ ২১ খন খলাত অনুষ্ঠিত হ’বলগা ভাওনাৰ প্ৰাকক্ষণত গায়ন বায়ন পৰিৱেশন কৰিব কণ কণ শিশু কিশোৰসকলে ৷ যাৰবাবে জামুগুৰিহাটৰ ৩ টা স্থানত পৃথকে পৃথকে ৪ শতাধিক শিশু কিশোৰক অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে দি থকা হৈছে খোল বাদ্যৰ প্ৰশিক্ষণ ৷

পাঞ্চজন্য বৰনামঘৰ ক্ষেত্ৰতো প্ৰশিক্ষণৰত ডেৰ শতাধিক শিকাৰু কণ কণ শিশু কিশোৰসকলৰ হাতৰ পৰশত বাজি উঠা খোল তালৰ শব্দই মুখৰ কৰি তুলিছে সমগ্ৰ জামুগুৰিহাটৰ পৰিৱেশ ৷ এইবেলি বাৰেচহৰীয়া ভাওনা মহোৎসৱত নতুন সংযোজন এই গায়ন বায়নৰ প্ৰশিক্ষণত প্ৰশিক্ষণৰত এইসকল শিশুয়ে পৰিৱেশন কৰা আকৰ্ষণীয় গায়ন বায়ন প্ৰত্যক্ষ কৰিব পাৰিব ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰপৰা অহা অতিথিসকলে ৷

আৰু পঢ়কঃ মুম্বাই ইণ্ডিয়ানছত অসমৰ জিণ্টিমণি, মঙলদৈত আনন্দৰ বন্যা...

taal khol bhaona