অমিত শ্বাহৰ আগমণত মহানগৰীত মানিব লাগিব পথ নিৰ্দেশনা...

কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে খানাপাৰাত অনুষ্ঠিত হ'ব বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ

author-image
Asomiya Pratidin
New Update
অমিত শ্বাহৰ আগমণত মহানগৰীত মানিব লাগিব পথ নিৰ্দেশনা...

ডিজিটেল ডেস্ক : কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে খানাপাৰাত অনুষ্ঠিত হ'ব বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান। সাজু কৰি তোলা হৈছে বিশাল মণ্ডপ। সমান্তৰালভাবে জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা। অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থকাৰ পৰিপ্ৰেক্ষিততেই জাৰি কৰা হৈছে কেইবাটাও পথ নিৰ্দেশনা।

Advertisment

মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈ পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০ বজালৈ চাৰিচকীয়া মালবাহী বাণিজ্যিক বাহন মহানগৰীত প্ৰৱেশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে। ২৭ আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে চাৰিচকীয়া বাণিজ্যিক বাহন চলাচলত এই নিষেধজ্ঞা আৰোপ কৰা হৈছে।

আনহাতে পাঞ্জাবাৰী ৰ'ড, জি এচ ৰ'ড, বি বৰুৱা ৰ'ড, জি এন বি ৰ'ড, এটি ৰ'ড আৰু ডিজি ৰ'ডত পুৱা ৯ বজাৰ পৰা নিশা ৭ বজালৈ তিনিচকীয়া বাণিজ্যিক বাহন চলাচলত বাধা মহানগৰ যান-বাহন আৰক্ষীৰ। উল্লেখ্য যে, ইয়াৰ সমান্তৰালভাবে মহানগৰীত ন' ড্ৰোণ ফ্লাই জ'ন হিচাপেও ঘোষণা কৰা হৈছে।

Also Read: তৎপৰ আনন্দ মিশ্ৰ: আত্মসমৰ্পণ ছয় নকল সোণ মাফিয়াৰ...

GOVT OF ASSAM amit sah cm himanta biswa sarma