ঐতিহাসিক এঙেৰা খাট পথাৰলৈ যোৱা পথ মেৰামতি ৰাইজৰ...

চৰাইদেউ জিলাৰ এখন ঐতিহাসিক পথাৰ এঙেৰা খাট পথাৰ। বিশাল আকাৰৰ এই পথাৰখন বৰ্তমান বৰপথাৰ নামে পৰিচিত।

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক এঙেৰা খাট পথাৰলৈ যোৱা পথ মেৰামতি ৰাইজৰ...

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ এখন ঐতিহাসিক পথাৰ এঙেৰা খাট পথাৰ। বিশাল আকাৰৰ এই পথাৰখন বৰ্তমান বৰপথাৰ নামে পৰিচিত। স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনতে কৃষি পথাৰ হিচাপে গঢ় লৈ উঠা এই এঙেৰা খাট পথাৰৰ পৰাই আহোম ৰাজত্বকালত ৰজাঘৰলৈ সকলো খাদ্য সামগ্ৰী গৈছিল বুলি প্ৰবাদ আছে।

Advertisment

উল্লেখযোগ্য যে, এই বৃহৎ পথাৰখনৰ মাজেদি বৈ গৈছে ঐতিহাসিক কলীয়া নৈ। বাৰিষা কালত এই নৈ অতিক্ৰম কৰি কৃষিজীৱি জনতাই নিজ নিজ কৃষি ভূমিলৈ অহা যোৱা কৰাত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে। যাৰবাবে দেওবাৰে পুৱা ৰাইজে শ্ৰমদান কৰি পথাৰলৈ অহা-যোৱাৰ কৰা পথটো শিলগুটি ছটিয়াই যাতায়তৰ বাবে সুচল কৰি তোলে ৷

Also Read: দুদিনৰ ব্যৱধানত দুবাৰকৈ চুৰি ফাৰ্মাচীত...

road