দুদিনৰ ব্যৱধানত দুবাৰকৈ চুৰি ফাৰ্মাচীত...

দুদিনৰ ব্যৱধানত দুবাৰকৈ চুৰি ফাৰ্মাচীত...

ডিজিটেল সংবাদ, মৰিয়নিঃ প্ৰায় পাঁচ দিন পূৰ্বেই এখন ব্যৱসায়িক প্ৰতিষ্ঠানত হৈছিল চুৰি । দুদিনৰ ব্যৱধানত মৰিয়নিৰ শ্যাম ড্ৰাগচ নামৰ প্ৰতিষ্ঠানখনত চুৰি হোৱাৰ পিছতো প্ৰসাশনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । উপায়হীন হৈ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ডিজিপিক কৰিছে টুইট ।

অভিযোগ অনুসৰি এজাহাৰ দিয়া সত্বেও ঘটনাৰ পাঁচদিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে নচলালে তদন্ত । শ্যাম ড্ৰাগচ নামৰ ফাৰ্মাচীত চুৰে চলাইছিল লুট-পাত।ফামাৰ্চিৰ চিচি টিভিত বন্দী হৈছিল চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা।

এজাহাৰ দিয়াৰ পিছতো মৰিয়নি আৰক্ষীৰ ৰহস্যজনক নীৰৱতাত ক্ষুদ্ধ হৈ পৰে ফাৰ্মাচীখনৰ গৰাকী। আৰক্ষীৰ নিৰ্লিপ্ততাত উপায়হীন হৈ শ্যাম ড্ৰাগচৰ স্বত্বাধিকাৰী জনৰ এগৰাকী কন্যাই ডিজিপি জিপি সিঙক চুৰিকাণ্ডৰ পিচত আৰক্ষী নিস্ক্ৰীয়তাৰ সন্দৰ্ভত টুইটযোগে সবিশেষ বৰ্ণনা কৰে। ডিজিপিৰ নিৰ্দেশৰ পিছতেই সাৰ পোৱা মৰিয়নি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও চুৰৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

দুদিনৰ ব্যৱধানত দুবাৰকৈ চুৰি ফাৰ্মাচীত...
জামুগুৰিহাটত “ফুল তৰা গান ভাল লাগে” শীৰ্ষক গীতৰ শুভ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in