লামডিঙত ৰ'ড আণ্ডাৰ ব্ৰিজৰ উদ্বোধন মোডীৰ

সোমবাৰে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে লামডিঙৰ সমাজবাড়ীত ৰ'ড আণ্ডাৰ ব্ৰিজৰো ভিডিঅ' কনফাৰেন্স জৰিয়তে শুভ উদ্বোধন কৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

author-image
Asomiya Pratidin
New Update
লামডিঙত ৰ'ড আণ্ডাৰ ব্ৰিজৰ উদ্বোধন মোডীৰ

ডিজিটেল সংবাদ, লামডিংঃ সোমবাৰে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে লামডিঙৰ সমাজবাড়ীত ৰ'ড আণ্ডাৰ ব্ৰিজৰো ভিডিঅ' কনফাৰেন্স জৰিয়তে শুভ উদ্বোধন কৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ ৫৫৪টা ৰেলৱে ষ্টেচন পুনৰ বিকাশ আৰু ১৫০০ৰো অধিক ৰোড অভাৰ/আণ্ডাৰ ব্ৰিজৰ শুভ উদ্বোধন কৰে।

Advertisment

আজি লামডিং সমাজবাড়ী অঞ্চলত RUB ( road under bridge) ৰ শুভ উদ্বোধন অনুষ্ঠানত লামডিংৰ বিশিষ্ট অতিথি হিচাপে লামডিং টাউন মণ্ডলৰ সভাপতি দেৱাশিস গুপ্তা, সম্পাদক অনিমেষ মিশ্ৰ, হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত, নেপালী ভাষাৰ কবি তথা সাহিত্য একাডেমী বঁটা প্ৰাপ্ত কবি কে বি নেপালী, লামডিং পৌৰসভাৰ অধ্যক্ষা আৰু উপাধ্যক্ষৰ লগতে লামডিঙৰ বিভিন্ন বিশিষ্ট ব্যক্তিৰ লগতে লামডিং ৰেল বিভাগৰ উচ্চ পদস্ত বিষয়া সকলো উপস্থিত থাকে।

Also Read: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰিব অসম কন্যাই

lumding road over bridge naremdra modi