কোটি টকীয়া পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ হেতালি

কোটি টকীয়া পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ হেতালি
কোটি টকীয়া পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ হেতালি

ডিজিটেল সংবাদ, ঢকুৱাখনা : চৰকাৰী আঁচনি ৰূপায়ণৰ ঠিকা লৈ পৰৱৰ্তী সময়ত এনে আঁচনি সফল ৰূপায়নলৈ পিঠি দি জনজীৱনক ব্যতিব্যস্ত কৰি তোলা এজন দায়িত্বহীন ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ-অসন্তুষ্টিৰ জোৱাৰ উঠিছে ঘিলামৰাত। ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ ২২ নং ৰাজ্যিক ঘাই পথৰ পৰা লামুগাওঁ সংযোগী পথ  আৰু ঘিলামৰা থানা তিনিআলিৰ পৰা ঘাহি গাঁও সংযোগী পথ নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছিল মহেন্দ্ৰ গুৰুং নামৰ ঠিকাদাৰজনে ।

এছ অ পি ডি (গ্ৰামীণ) আঁচনিৰ  ২০২১-২০২২ বিত্তীয় বর্ষৰ শিতানৰ লামু গাঁও সংযোগী প্ৰায় ১.৮০ কিলোমিটাৰ দৈর্ঘ পথ নিৰ্মাণৰ বাবে আবন্টিত ১ কোটি ৩১ লাখ ৮৪ হাজাৰ  টকা আৰু ঘাহি গাঁও সংযোগী প্ৰায় ১.২০ কিলোমিটাৰ দৈর্ঘৰ পথ নিৰ্মাণৰ বাবে ১ কোটি ১ লাখ ৬ হাজাৰ টকা আৱন্টন দি তদানীন্তন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ,ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ দলেয়ে নিজ হাতে আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীত ।

দুয়োখন আঁচনিৰ নিৰ্মাণ কামৰ শুভ উদ্বোধন কৰি প্ৰাক্তন মন্ত্ৰী ,বিধায়ক দলেয়ে ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল ১২ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰি "পেভাৰছ ব্লক" যুক্ত এটা উন্নত পকী ৰাস্তা উপহাৰ দিয়াৰ। পিছে পাছৰ সময় চোৱাত নৱ দলেৰ মন্ত্ৰীত্বও গল আৰু কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ গুৰুংৰো নিৰ্লজ বেপৰোৱামী আৰম্ভ হ'ল । 

বিগত প্ৰায় ২ টা বছৰে এই অতি গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ দুটাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰি প্ৰাক্তন মন্ত্ৰী  তথা বৰ্তমানৰ বিধায়ক নৱ দলেৰ ৰাজহুৱা প্ৰতিশ্ৰুতি কাৰ্যতঃ ভেকো-ভাঁওনালৈ পৰ্যবসিত কৰিলে । কামৰ নামত সামান্যতম পথৰ কাম কৰি দুয়োখন আঁচনি  বছৰ বছৰ ধৰি আধৰুৱাকৈ পেলাই ৰাখিছে ঠিকাদাৰজনে। পৰিণতিত বাৰিষা খৰালি উভয় কালতে  সীমাহীন জ্বালা যন্ত্ৰণা ভুগী যাতায়ত অব্যাহত ৰাখি আহিছে গ্ৰামবাসী পথছাৰী নাগৰিকে।

দুয়োখন পথ নির্মান আঁচনি ৰূপায়ণৰ নামত শিল বালি ছটিয়াই  দায়িত্ব শেষ কৰি নাকত তেল দি নিদ্ৰাত মগ্ন হোৱা ঠিকাদাৰ গৰাকীৰ এনে দায়িত্বহীন আচৰণ দেখিও মহকুমাধিপতি অৰিন্দম বৰুৱা আৰু আঁচনিখনৰ তদাৰককাৰী লোক নিৰ্মাণ বিভাগ নিচ্ছুপ ভাবে বহি থকাহে পৰিলক্ষিত হৈছে বুলি জনায়।  ভুক্তভোগী নাগৰিক সমাজ আৰু সংগঠনে অভিযোগ কৰা মতে বহুবাৰ এইগৰাকী বেপৰোৱা ঠিকাদাৰক মৌখিক ভাবে অৱগত কৰি পথ দুটা তাৎক্ষণিক বাবে নিৰ্মাণ কৰি কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই আহিছে যদিও তালৈ কেৰেপ নকৰে ঠিকাদাৰজনে।

মহকুমা প্ৰশাসন ,লোকনিৰ্মান বিভাগৰ গুৰুত্বহীনতাৰ সুযোগ লৈ বছৰ বছৰ ধৰি পেলাই ৰখা এই দুই চৰকাৰী আঁচনিয়ে বাস্তৱিকতে নাগৰিকৰ সমস্যা বৃদ্ধিহে কৰা বুলি  জানিবলৈ দি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় বিষয়ববীয়া গৌৰৱ জ্যোতি বৰুৱাই চৰকাৰী আঁচনি ৰূপায়ণলৈ পিঠি দিয়া এইগৰাকী উদাসীন ঠিকাদাৰক শীঘ্ৰে বিভাগ আৰু প্ৰশাসনে তলব কৰি আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ বাবে বাধ্য কৰাৰ দাবী জনাইছে।

কোটি কোটি টকাৰ কাম লৈ বছৰ জুৰি আধৰুৱাভাৱে পেলাই ৰাখি চৰকাৰী পুঁজি উদৰস্থ কৰাৰ এয়া এক নিকৃষ্ট চক্ৰান্ত বুলিও ভুক্তভোগী ৰাইজে আশঙ্কা ব্যক্ত কৰি তৎকালে সোপাধিলা ঠিকাদাৰজনক পুনৰ কাম আৰম্ভ কৰাৰ বাবে নিৰ্দেশ দিবলৈ মহকুমা প্ৰশাসনক আহ্বান জনাইছে। অন্যথাই ৰাজহুৱা গণতান্ত্ৰিক প্ৰতিবাদৰ বিকল্প নাথাকিব বুলিও সকীয়াই দিছে ভুক্তভোগী ৰাইজআৰু সংগঠনে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in