/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8dc7a3a3-90b8-452f-ad29-66b10f2e1a7f/gonostav.jpg)
পানীখাইতি পূব প্ৰাথমিক বিদ্যালয়ৰ নান্দনিক পৰিৱেশ
ডিজিটেল সংবাদ,ওদালগুৰিঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত চলি আছে গুণোৎসৱ। প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ শুকুৰবাৰে তৃতীয় দিন। কেবাখনো জিলাক সামৰি লোৱাৰ লগতে ওদালগুৰি জিলাতো চলি আছে গুণোৎসৱ।
জিলাখনৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত পানীখাইতি পূব প্ৰাথমিক বিদ্যালয়তো অনুষ্ঠিত হৈছে গুণোৎসৱ। প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনত আজি অনুষ্ঠিত হৈছে গুণোৎসৱ। অসম আৰক্ষীৰ এ আই জি কৃষ্ণ দাস বহিঃ মূল্যায়ক হিচাপে উপস্থিত হয়। ৰাতিপুৱা ৮:৩০ বজাত বিদ্যালয়খনৰ প্ৰাতঃ সভাত অংশগ্ৰহন কৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ বহী, পৰিচালনা সমিতিৰ নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে শ্ৰেণী কোঠা, বিদ্যালয়ৰ পুথিভঁৰাল পৰিদৰ্শন কৰে।
ইয়াৰ উপৰিও বহিঃ মূল্যায়ক কৃষ্ণ দাসে বিদ্যালয়ৰ আন্তঃগাথঁনিৰ বুজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ দক্ষতা সন্দৰ্ভত পৰীক্ষা অনুষ্ঠিত কৰে। উল্লেখ্য যে আদৰ্শ বিদ্যালয়ৰ স্বীকৃতি লাভ কৰা ৰৌতাৰ এই পানিখাইতি পূব প্ৰাথমিক বিদ্যালয়ে জিলা তথা ৰাজ্যিক পৰ্যায়ত কেইবাটাও বঁটাও পাবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ আন্তঃগাথঁনি, শৈক্ষিক পৰিৱেশ তথা পৰিস্কাৰ পৰিছন্নতাই সকলোকে আকৰ্ষিত কৰি তোলে।
বহিঃ মূল্যায়ক কৃষ্ণ দাসকো বিদ্যালয়খনৰ দৃষ্টি নন্দন পৰিবেশ মোহিত কৰি তোলে। কিন্তু ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত মাত্ৰ ৪গৰাকী শিক্ষকে শিক্ষাদান দি আহিছে। ছাত্ৰ অনুপাতে শিক্ষক দিবলৈ শিক্ষা বিভাগক অনুৰোধ জনাইছে প্ৰধান শিক্ষক মতিউৰ ৰহমানে।
আনহাতে আদৰ্শ বিদ্যালয়খনত পৰ্যাপ্ত শ্ৰেনী কোঠা আৰু শিক্ষকৰ অভাৱ। শ্ৰেণীকোঠাৰ অভাৱত একেটা কোঠাতে দুটা শ্ৰেণীৰ ৬ৰ পৰা ৭জনকৈ ছাত্ৰ-ছাত্ৰী একেটা বেঞ্চত বহিবলগীয়া হৈছে। গতিকে অতিৰিক্ত শ্ৰেনীকোঠা নিৰ্মান কৰি দিয়াৰ লগতে শিক্ষকৰ যোগান ধৰিবলৈ অনুৰোধ জনাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মতিউৰ ৰহমানে।