কলিয়াবৰত অসম চৰকাৰৰ মুখ‍্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ উপস্থিতিত পথ সজাগতা সভা

কলিয়াবৰত অসম চৰকাৰৰ মুখ‍্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ উপস্থিতিত পথ সজাগতা সভা

ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰত নৱ-নিৰ্মিত চাৰিলেনযুক্ত পথত সঘনাই হোৱা দুৰ্ঘটনা ৰোধৰ বাবে নলতলিত আয়োজন কৰা হয় পথ সজাগতা সভা। শনিবাৰে অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকে অসম চৰকাৰৰ মুখ‍্য সচিব পৱন কুমাৰ বৰঠাকুৰ

উক্ত সভাত স্থানীয় ৰাইজৰ পথ সংক্ৰান্তীয় বিভিন্ন অভাৱ-অভিযোগৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰোপৰি মুখ্য সচিবগৰাকীয়ে পথৰ প্ৰতি ল'বলগীয়া ব‍্যৱস্থাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে।

পথ সুৰক্ষাৰ বাবে চৰকাৰৰ লগতে ৰাইজেও মানিবলগীয়া সকলো ধৰণৰ নীতি-নিয়মে পথ দুৰ্ঘটনাৰ ৰোধ কৰাৰ লগতে শান্তিপূৰ্ণ যাতায়ত সম্ভৱ কৰি তুলিব বুলি মুখ‍্য সচিবগৰাকীয়ে সভাত মত প্ৰকাশ কৰে।

আনহাতে উক্ত সভাত অসম চৰকাৰৰ পৰিবহন বিভাগৰ অতিৰিক্ত সচিব তথা আৰক্ষী বিষয়া গৌৰৱ উপাধ‍্যায় উপস্থিত থাকে। উপাধ‍্যায়ে কয়, নগাঁও জিলা পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত তৃতীয় স্থানত থকাৰ বিপৰীতে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলা প্ৰথম আৰু দ্বিতীয় স্থানত আছে।

এই দুৰ্ঘটনাসমূহত প্ৰায় ৮০ শতাংশ লোক ২৫ বছৰৰ অনুৰ্দ্ধৰ যুৱক দুৰ্ঘটনাত পতিত হৈছে। এইক্ষেত্ৰত দুৰ্ঘটনা ৰোধ কৰিবলৈ অসম চৰকাৰে বিভিন্ন কঠোৰ ব‍্যৱস্থা গ্ৰহণ কৰা বুলি উপাধ্যায়ে মন্তব্য কৰে।

কলিয়াবৰত অসম চৰকাৰৰ মুখ‍্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ উপস্থিতিত পথ সজাগতা সভা
ধেমাজিত বন্যাৰ্তৰ পথ অৱৰোধ কাৰ্যসূচী : আৱদ্ধ শ শ বাহন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in