/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f56a2419-d6ff-454d-98ce-399ecfd2e513/banpani.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি জিলাৰ বানাক্ৰান্ত ৰাইজে জীয়াঢল নৈয়ে সৃষ্টি কৰা বানপানী সমস্যা স্থায়ী সমাধান কৰাৰ দাবী জনায়। এই দাবীৰে ভজো গাঁৱৰ ভুক্তভোগীসকলে শনিবাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/78039b6e-bfd7-4eb0-9770-5be8227c94cc/c0ddfa48_d4e3_4e92_97f2_2fab8f93c54d.jpg)
উল্লেখযোগ্য যে বছৰ বছৰ ধৰি অঞ্চলবাসী ৰাইজে ইয়াৰ পৰিত্ৰাণ বিচাৰি বাৰম্বাৰ চৰকাৰ আৰু জিলা প্ৰশাসনক অৱগত কৰি আহিছে যদিও ইয়াৰ প্ৰতি জিলা প্ৰশাসন তথা চৰকাৰৰ কোনো ভ্ৰূক্ষেপ নাই ৷ জানিবলৈ দিয়া মতে, বৰ্তমানেও গাঁৱখনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে জীয়াঢলৰ বাঢ়নী পানী বাগৰিয়ে আছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/57bf57e2-4071-476b-a9a9-e617aaa992f3/14ddc733_737c_42d9_8904_8f81bf3053da.jpg)
উল্লেখ্য যে শনিবাৰে বিয়লিলৈ বাঢ়নী পানীৰ পৰিমাণ কিছু হ্ৰাস পাইছে যদিও কাষৰীয়া বহু লোকৰ ঘৰ বৰ্ত্তমানেও বানত ডুব গৈ আছে ৷ জিলা প্ৰশাসন,ৰাজহচক্ৰ বিষয়া আৰু লাট মণ্ডৰ একমাত্ৰ হেমাহিৰ বাবেই ভজো গাঁৱবাসীয়ে বানত দুৰ্ভোগ ভুগিব লগা হৈছে বুলি অভিযোগ একাংশৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ee27c4b9-1b82-4db1-99af-9041d782fd31/20a61cf0_bc1d_4756_9751_c7ddcdb5130f.jpg)
এই অভিযোগেৰে ঘাইপথছোৱাৰ দাঁতিকাষৰীয়া ৰাইজে শনিবাৰে যাতায়ত বন্ধ কৰি প্ৰতিবাদী পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ৰাইজৰ এনে ৰণচণ্ডী ৰূপ দেখি জিলাখনৰ বিষয়া-কৰ্মচাৰী আৰু লাটমণ্ডলৰ হাহাকাৰ অৱস্থা হৈছে ৷ প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰ পথচোৱাৰ যাতায়ত বন্ধ হৈ যোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত আৱদ্ধ হৈ পৰে শ শ যান-বাহন ।
Also Read: ঢকুৱাখনাৰ খহনীয়া এলেকা পৰিদর্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ