ৰাজপথত বাহন ৰখাই যাত্রীক দুৰ্বৃত্তৰ আক্রমণ

কলিয়াবৰৰ ৰাজপথত নিশা সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । ৰাজপথত বাহন ৰখাই যাত্রীক আগচি ধৰি আক্রমণ কৰে দুৰ্বৃত্তই।

author-image
Asomiya Pratidin
New Update
ৰাজপথত বাহন ৰখাই যাত্রীক দুৰ্বৃত্তৰ আক্রমণ

ডিজিটেল ডেস্কঃ কলিয়াবৰৰ ৰাজপথত নিশা সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । ৰাজপথত বাহন ৰখাই যাত্রীক আগচি ধৰি আক্রমণ কৰে দুৰ্বৃত্তই। এখন বলেন’ বাহনত অহা দুৰ্বৃত্তই আন এখন ইন’ভা বাহনখনক আগভেটি ধৰি আক্ৰমণ কৰে। আহতকেইজনক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্রেৰণ কৰা হয়।

Advertisment

উল্লেখ্য যে আঠমঙলা খাই ওভতাৰ পথত সংঘটিত হয় এই ঘটনা । ইন’ভা বাহনখনত অহা তিনিজন যাত্রীক ৰডেৰে প্রহাৰ কৰি আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে । মহিলাৰ পৰা অলংকাৰ কাঢ়ি নিয়াৰো চেষ্টা কৰে দুৰ্বৃত্তৰ দলটোৱে । ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাৰ লগে লগে পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে।

Also Read: মেঘালয়ৰ সোণাপুৰ সুৰংগৰ সমীপত ভূমিস্খলন

koliabor road attack