বৰখাতাত ভয়াৱহ পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত টেম্পো চালক

বৰখাতাত ভয়াৱহ পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত টেম্পো চালক

ডিজিটেল সংবাদ,অভয়াপুৰী : অভয়াপুৰী নিকটৱৰ্তী বইটামাৰী বৰখাতাত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। মঙলবাৰে নিশা সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত এখন অচিনাক্ত বাহনে টেম্পো এখনক খুন্দিয়াই থৈ যায়।

১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত টেম্পো চালকজন গুৰুতৰভাৱে আহত হয়। জানিব পৰামতে আঘাতপ্ৰাপ্ত টেম্পো চালকজনৰ ঘৰৰ ঠিকনা বৰখাতা গাঁও আৰু তেওঁৰ নাম শংকৰ ৰায়।

অতি সংকটজনক অৱস্থাত টেম্পো চালক ৰায়ক স্থানীয় ৰাইজে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে দুৰ্ঘটনাগ্ৰস্ত টেম্পোখনৰ পঞ্জীয়ন নম্বৰ এ এছ ১৭ বি ১৭৫২। আনহাতে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে অচিনাক্ত বাহনখনৰ চলকজন বাহনসহ পলায়ন কৰে।

বৰখাতাত ভয়াৱহ পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত টেম্পো চালক
আজি ৰাণাদাৰ ওপজা দিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in