বাটমাৰী-গেদেৰীজান সীমাত মদ-জুৱাৰ আড্ডা

বাটমাৰী-গেদেৰীজান সীমাত মদ-জুৱাৰ আড্ডা

author-image
Asomiya Pratidin
New Update
বাটমাৰী-গেদেৰীজান সীমাত মদ-জুৱাৰ আড্ডা

ডিজিটেল সংবাদ,জামুগুৰিহাট : আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক ভূমিকাৰ সুযোগ গ্ৰহণ কৰি জামুগুৰিহাটৰ উত্তৰঅঞ্চলৰ বাটমাৰী গেদেৰীজানৰ সীমাত একাংশ দুষ্ট চক্ৰই আৰম্ভ কৰিছে মুৰ্গী যুঁজ খেলৰ জৰিয়তে অবৈধ মদ আৰু জুৱাৰ আড্ডা। সপ্তাহৰ প্ৰতিটো দেওবাৰে এটা অসাধু চক্ৰই বিশেষকৈ জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ বাটমাৰী গেদেৰিজানৰ সীমাত চলাই আহিছে মুৰ্গী যুঁজ খেল।

Advertisment

ইয়াৰ জৰিয়তে লাখ-লাখ টকাৰ জুৱা খেল অনুষ্ঠিত কৰি আহিছে বুলি অভিযোগ উঠিছে। সংবাদ মাধ্যমৰ গোপন কেমেৰাত বন্দি হৈছে জুৱা খেলৰ দৃশ্য। উল্লেখ্য যে, জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অবৈধ তিৰ খেল,মুৰ্গী যুঁজ খেলৰ জুৱাৰ লগতে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা।

Also Read: ২০২১ চনতো কেলেংকাৰী সংঘটিত কৰিছিল ছয়দুৱাৰ উন্নয়ন খণ্ডৰ সদ্য নিলম্বিত বিডিঅ'ই

jamugurihat Assam police