তামুলপুৰত ভয়াৱহ পথ দুৰ্ঘটনা

তামুলপুৰত ভয়াৱহ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ,তামুলপুৰঃ তামুলপুৰত নিশা ভয়াৱহ পথ দুৰ্ঘটনা। ৰৈ থকা ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা বাইক আৰোহীৰ।

জানিব পৰা মতে, শনিবাৰে নিশা তামুলপুৰ-ৰঙিয়া- ভূটান পথৰ বৰখোপাত ভয়াৱহ পথ দুৰ্ঘটনাটি সংঘটিত হয়। ফলত থিতাতে নিহত হয় এগৰাকী যুৱক।

বৰখোপাত পথৰ কাষত ৰৈ থকা ট্ৰেইলাৰ AS 01 JC 3987 নম্বৰৰ ট্ৰেইলাৰখনত, তীব্ৰ বেগী বাইক AS 27 B 7625 খনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহীজন।

জানিব পৰা অনুসৰি, নিহত যুৱকজন ওদালগুৰী জিলাৰ ধৰমজুলী আঠেৰীঘাট চাহ বাগিছাৰ প্ৰনৱজ্যোতি ডেকা (৩৫) ৷ প্ৰণৱে নিশা আঠেৰীঘাট চাহ বাগিছাৰ পৰা ৰঙিয়াৰ শহুৰেকৰ ঘৰলৈ বুলি গৈ আছিল।

তামুলপুৰত ভয়াৱহ পথ দুৰ্ঘটনা
ৰবাব টেঙাৰ বল খেলি বিশ্বমুখী যাত্ৰা চাবুৱাৰ নয়ন কোঁৱৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in