ৰবাব টেঙাৰ বল খেলি বিশ্বমুখী যাত্ৰা চাবুৱাৰ নয়ন কোঁৱৰৰ

নয়ন এতিয়া ডিব্ৰুগড় জিলাৰে নহয়, সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱ । নয়ন সকলোৰে নয়নৰমণি
ৰবাব টেঙাৰ বল খেলি বিশ্বমুখী যাত্ৰা চাবুৱাৰ নয়ন কোঁৱৰৰ

ডিজিটেল সংবাদ,চাবুৱাঃ ২০২৩ বৰ্ষৰ ইউৰোপ মহাদেশৰ চুইদেনত অহা ১৬ জুলাইৰ পৰা অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় "gothia cup" ফুটবল প্ৰতিযোগিতাত। এই প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে নয়ন কোঁৱৰ।

ডিকম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ নয়ন কোঁৱৰ । ঘৰতে ৰবাব টেঙাৰ বল খেলি ফুটবল খেল আৰম্ভ কৰা নয়নে ফুটবলৰ জৰিয়তে ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যোৱাৰ খবৰ বিয়পি পৰাৰ পিছতেই সমগ্ৰ অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

দৰিদ্ৰতা বা টকা-পইচাই প্ৰতিভাৰ বীজ অংকুৰিত হোৱাত কেতিয়াও বাধা হ'ব নোৱাৰে তাৰেই প্ৰমাণ বিৰু কোঁৱৰ আৰু মণিকা কোঁৱৰৰ সুযোগ্য সন্তান নয়ন। প্ৰতিভাৱান খেলুৱৈগৰাকীৰ বাসগৃহত উপস্থিত হৈছে ডিব্ৰুগড় জিলাৰ লগতে অঞ্চলটিৰ ক্ৰীড়াপ্ৰেমী ৰাইজ।

নয়ন এতিয়া ডিব্ৰুগড় জিলাৰে নহয়, সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱ । নয়ন সকলোৰে নয়নৰমণি। নয়নে ফুটবল ক্ৰীড়াজগতত কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ পদাৰ্পণ কৰিব যোৱাৰ খবৰে সমগ্ৰ অঞ্চলটিলৈ সুখৰ বন্যা নমাই আনিছে।

কণমানি খেলুৱৈগৰাকীলৈ লহোৱালৰ বিশিষ্ট সমাজকৰ্মী অজয় গগৈয়ে ২০,০০০ টকা প্ৰদান কৰাৰ লগতে খেলুৱৈগৰাকীৰ ঘৰলৈ যোৱা বিধ্বস্ত পথটো কিছু মেৰামতি কৰি দিয়াৰ কথা ঘোষণা কৰে। ছাত্ৰজনৰ এই সফলতাত ডিকম জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলো উৎফুল্লিত হৈ পৰিছে ।

সকলোৱে কণমানি ফুটবল খেলুৱৈ নয়নে তেঁওৰ দুভৰিৰ যাদুৰে বিশ্বৰ ক্ৰীড়া জগতত কৃতিত্ব অৰ্জন কৰি অসমৰ লগতে সমগ্ৰ দেশলৈ সু নাম কঢ়িয়াই আনিব পাৰে তাৰে শুভকামনা আৰু আশা প্ৰকাশ কৰিছে ।

ৰবাব টেঙাৰ বল খেলি বিশ্বমুখী যাত্ৰা চাবুৱাৰ নয়ন কোঁৱৰৰ
কোনে মাৰিব শেষ হাঁহি : সময় সমাগত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in