ROAD ACCIDENT
ROAD ACCIDENT

ৰঙিয়াত ডাম্পাৰৰ খুন্দাত ২ বাইক আৰোহী আহত

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত দেওবাৰে উদিয়ানাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত এখন নম্বৰ বিহীন ডাম্পাৰে এএছ১৪এন৮২৭৬ নম্বৰৰ এখন বাইকক পিছপিনৰ পৰা তীব্ৰবেগে খুন্দিয়াই থৈ যায় । দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনৰ চালকসহ পলায়ন কৰে ।

ইফালে এই ঘটনাত ২ বাইক আৰোহীক গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ২ বাইক আৰোহী ক্ৰমে বৰমাৰ বিষ্ণুপুৰৰ বীৰদাও বসুমতাৰী (২১) আৰু উইচডম গয়াৰী (২১) বুলি ৰঙিয়া থানাৰ যান বাহন শাখাৰ এচ আই ভৱেশ কলিতাই জনায় ।

আনহাতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয়লোকে ততালিকে ৰঙিয়া আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত আহি হাস্পাতালত প্ৰেৰণ কৰে । সম্প্ৰতি বাইক আৰোহী দুগৰাকী চিকিৎসাধীন অৱস্থাত সুস্থ হৈ আছে ।

ROAD ACCIDENT
অচিৰেই ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in