কোকৰাঝাৰ বালাজানত বিলাসী বাহনৰ সৈতে পৰিবহন বিভাগৰ বাহনৰ সংঘৰ্ষ

ৰিবহন বিভাগৰ কৰ্মচাৰীয়ে সদৰি কৰা মতে তেওঁলোকে কোকৰাঝাৰৰ পৰা শ্ৰীৰামপুৰলৈ কৰ্তব্যৰ বাবে গৈ থকা অৱস্থাত বালাজান তিনিআলিত তেওঁলোকক এখন থাৰ গাড়ীয়ে খুন্দা মাৰে ।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰ বালাজানত বিলাসী বাহনৰ সৈতে পৰিবহন বিভাগৰ বাহনৰ সংঘৰ্ষ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলিত বুধবাৰে নিশা ১০:০০ মান বজাত এখন বিলাসী থাৰ (নং এএচ ০১ এফ ডি ৯৪২৮) আৰু পৰিবহন বিভাগৰ বলেৰো' নিঅ'(এএচ ১৬ কে ৭০৩৯)ৰ মাজত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত পাঁচজনকৈ লোক আহত হোৱাৰ লগতে দুয়োখন গাড়ী বেয়াকৈ ক্ষতিগ্ৰস্থ হয় ।

Advertisment

দুৰ্ঘটনাৰ ফলত আহত হোৱা পাঁচজনৰ ভিতৰত থাৰৰ দুই আৰোহী ক্ৰমে ৰিংখাং মুছাহাৰী( ২৮ ), নিপন বড়ো (৩১) আৰু পৰিবহন বিভাগৰ এনফৰ্চমেণ্ট চেকাৰ দীপাংকৰ দৈমাৰী , সহ এনফৰ্চমেণ্ট পৰিদৰ্শক মহন্ত বসুমতাৰী আৰু হোমগাৰ্ড বাসু নাৰ্জাৰী ।

পৰিবহন বিভাগৰ কৰ্মচাৰীয়ে সদৰি কৰা মতে তেওঁলোকে কোকৰাঝাৰৰ পৰা শ্ৰীৰামপুৰলৈ কৰ্তব্যৰ বাবে গৈ থকা অৱস্থাত বালাজান তিনিআলিত তেওঁলোকক এখন থাৰ গাড়ীয়ে খুন্দা মাৰে । তেওঁলোক কৰ্তব্যথলীলৈ জে ডি ৰোডেৰে গৈ আছিল আৰু থাৰ গাড়ীখন কালিপুখুৰী দিশৰ পৰা আহি তেওঁলোকক খুন্দা মাৰে । দুৰ্ঘটনাৰ ফলত তেওঁলোকৰ গাড়ীখন ক্ষতিগ্ৰস্থ্য হোৱাৰ লগতে ৫জনকৈ লোক আহত হয়। আনহাতে স্থানীয় ৰাইজৰ একাংশই অভিযোগ কৰা মতে পৰিবহন বিভাগৰ গাড়ীখন প্ৰচণ্ড গতিত অহা বাবেই দূৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে দুৰ্ঘটনাৰ পিছতে বালাজান তিনিআলিত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দূৰ্ঘটনাৰ ফলত বিলাসী থাৰ বাহনখন কেইবা লুটি খাই সম্পূৰ্ণ ওলোটাকৈ ৰাস্তাৰ কাষত পৰি ৰয়। আনহাতে দূৰ্ঘটনাৰ ফলত পৰিবহন বিভাগৰ বলেৰো' নিঅ' গাড়ীখনৰ সুৰক্ষাজনিত বেলুন দুটা বাহিৰ হৈ যায়।

Also Read: হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব স্থানপ্ৰাপ্তৰ ব্যৱস্থা !

kokrajhar road accident kokrajhar police