/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c3c1c71e-65d5-42eb-9e2b-d5ea896d0b15/fish.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : আজি উৰুকা ৷ এসাজ খোৱাৰ হেঁপাহেৰে পুৱতি নিশাৰে পৰা মঙলদৈ মাছৰ বজাৰত ৰাইজে ভিৰ কৰিছে৷ জিলা খনৰ কেইবাটাও বৃহৎ বৃহৎ পুখুৰীৰ পৰা ধৰি অনা ডাঙৰ ডাঙৰ মাছেৰে ভৰি পৰিছে মঙলদৈৰ বজাৰ ৷ মঙলদৈ বজাৰত ২০-২২ কিলোগ্ৰাম ওজনৰ ভকুৱা, ১৮-২০ কিলোগ্ৰাম ওজনৰ বৰালী, ১২-১৫ কিলোগ্ৰাম ওজনৰ চিতল, ১২-১৪ কিলোগ্ৰাম ওজনৰ ৰৌ, ১৫-১৮ কিলোগ্ৰাম ওজনৰ শিলঘৰীয়া আদি মাছেৰে ভৰি পৰিছে বজাৰ ।
অৱশ্যে আন আন বছৰৰ তুলনাত এই বছৰ মাছৰ দাম কিছু পৰিমাণে বাঢ়িছে। ডাঙৰ ভকুৱা মাছৰ প্ৰতি কিলোগ্ৰামৰ দাম ১২০০-১৩০০ টকা, বৰালী প্ৰতি কিলোগ্ৰামৰ দাম ১০০০-১২০০ টকা, চিতল প্ৰতি কিলোগ্ৰাম মাছৰ দাম ১২০০-১৫০০ টকা আদি ৷
আৰু পঢ়ক : উৰুকাৰ নিশাৰ প্ৰস্তুতিৰে উখল মাখল ৰাজ্য