কাজিৰঙাৰ কহঁৰাত পথ দুৰ্ঘটনা,আহত এজন

কাজিৰঙাৰ কহঁৰাত পথ দুৰ্ঘটনা,আহত এজন

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ কহঁৰাত পথ দুৰ্ঘটনা ৷ শনিবাৰে নিশা বাঁহ কঢ়িয়াই নিয়া এখন ডি আই বাহনে মহতিয়াই নিয়ে এখন মটৰ চাইকেল ৷ দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হয় মটৰ চাইকেল আৰোহী এজন যুৱক ৷ উল্লেখযোগ্য যে অতি বিপদজনকভাৱে বাঁহ কঢ়িয়াই নিয়া একাংশ বাহনে আতংকৰ সৃষ্টি কৰি আহিছে কাজিৰঙাত ৷ নিতৌ কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বোকাখাতৰ দিশৰ পৰা কলিয়াবৰৰ দিশত বহনক্ষম ক্ষমতাতকৈ অধিক দীঘল বাঁহ কঢ়িয়াই নিয়া বাহন সমূহৰ পৰা আৰু দুৰ্ঘটনাৰ আশংকা কাজিৰঙাৰ সচেতন মহলৰ ৷

বিশেষকৈ সন্ধিয়া কহঁৰা চাৰিআলিত পৰ্যটকৰ লগতে স্থানীয় লোকৰ হোৱা জন সমাগমৰ মাজেৰে নীতি বহিৰ্ভূত বাঁহৰ বোজা লৈ তীব্ৰ বেগত যাতায়ত কৰা বাহন সমূহে আতংকৰ সৃষ্টি কৰি আহিছে যদিও আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ অভিযোগ উত্থাপন হৈছে ৷ এনেক্ষেত্ৰত স্থানীয় লোকৰ আহ্বান প্ৰশাসনে এনে বাহন সমূহৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহন কৰক।

কাজিৰঙাৰ কহঁৰাত পথ দুৰ্ঘটনা,আহত এজন
অন্ত পৰিল চতুৰ্দশ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in