জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ নৱনিৰ্মিত ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত দুজন যুৱক গুৰুতৰভাৱে আহত হয়।

Advertisment

এখন বাইকত অহা দুই যুৱকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইদাৰত খুন্দিয়াই বাগৰি পৰে। আহত দুয়োকে স্থানীয় ৰাইজে ততাতয়াকৈ ১০৮ এম্বুলেঞ্চ সেৱাৰ জৰিয়তে উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ নিয়ে। অৱশ্যে চিকিৎসকে এজনৰ অৱস্থা অতি সংকটজনক দেখি উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

Also Read: এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষাৰ প্ৰশংসনীয় পদক্ষেপ

Assam police jamugurihat