এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষাৰ প্ৰশংসনীয় পদক্ষেপ

এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষাৰ প্ৰশংসনীয় পদক্ষেপ

author-image
Asomiya Pratidin
New Update
এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষাৰ প্ৰশংসনীয় পদক্ষেপ

ডিজিটেল সংবাদ,গহপুৰ : এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষাৰ প্ৰশংসনীয় পদক্ষেপ।অৱসৰৰ পিছত ঘৰতে বিদ্যাৰ মন্দিৰ সাজি প্ৰজ্ঞাৰ বন্তি জ্বলাই গঢ়ি তুলিছে এক সুস্থ বিদ্যায়তনিক পৰিৱেশ। অৱসৰৰ পাছতো কন কন শিশুৰ শিক্ষা প্ৰদানত ব্যস্ত গহপুৰৰ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দিপালী শইকীয়া পূজাৰী।

Advertisment

অৱসৰৰ পিছত অঞ্চলটোৰ শিশুসকলক শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক আৰু শাৰিৰীক দিশত আগুৱাই নিবলৈ নিজা বাসগৃহতে শিক্ষাদানত ব্যস্ত অধ্যক্ষাগৰাকীয়ে সেৱাৰ মনোভাৱেৰে বিনামূলীয়াকৈ আগবঢ়াইছে এই সেৱা । পাঠ্যপুথিগত শিক্ষা প্ৰদানৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ মাজেৰে আগুৱাই নিবলৈ যত্নপৰ তেওঁ।

বিদ্যালয় বন্ধৰ দিন অথবা ছুটিৰ পিছতে কন কন ছাত্ৰ-ছাত্ৰীৰে অধ্যক্ষাগৰাকীৰ ঘৰখন ভৰি পৰে। সম্পূৰ্ণ বিনামূল্যে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিছে শিক্ষয়িত্ৰীগৰাকীয়ে।শিক্ষয়িত্ৰীগৰাকীৰ এই পদক্ষেপক সকলোৱে একেমুখে শলাগ লৈছে।

Also Read: দৰং জিলা সাহিত্য সভাৰ উদ্যোগত দেৱেন দত্ত স্মাৰক বক্তৃতা অনুষ্ঠান

gohpur principal