বটদ্ৰৱাৰ শান্তিজানত পথৰ পৰা বাগৰি পৰিল শাক-পাচলি ভৰ্তি ট্ৰাক...

বটদ্ৰৱাৰ শান্তিজানত পথৰ পৰা বাগৰি পৰিল শাক-পাচলি ভৰ্তি ট্ৰাক...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ সমীপতে থকা শান্তিজান বজাৰৰ সন্মুখত ভয়ংকৰ পথ দূৰ্ঘটনা। গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত দুজন। ধিঙৰ পৰা নগাঁও অভিমুখে গৈ থকা AS 03 DC 6150 নম্বৰৰ এখন শাক পাচলি ভৰ্তি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰাত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত মফিদুল ইছলাম নামৰ এজন লোকৰ ভৰি ছিগি যোৱাৰ লগতে গাড়ী চালক ৰুহুল আমিনে মুৰত গুৰুত্বৰ আঘাত পায়। দুয়োকে চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰন কৰা হৈছে। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ গাড়ী খন উদ্ধাৰ কৰে।

বটদ্ৰৱাৰ শান্তিজানত পথৰ পৰা বাগৰি পৰিল শাক-পাচলি ভৰ্তি ট্ৰাক...
শিক্ষাবিদ, সমাজকৰ্মী অমলপ্ৰভা কোঁচৰ বিয়োগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in