শিক্ষাবিদ, সমাজকৰ্মী অমলপ্ৰভা কোঁচৰ বিয়োগ...

শিক্ষাবিদ, সমাজকৰ্মী অমলপ্ৰভা কোঁচৰ বিয়োগ...

ডিজিটেল সংবাদ,ঘিলামৰাঃ ঘিলামৰাৰ বিশিষ্টা শিক্ষাবিদ, সমাজসেৱিকা, সৰবৰহী মহিলা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, গোপালপুৰ গাঁৱৰ নিৱাসী উমাকান্ত কোঁচৰ পত্নী অমলপ্ৰভা কোঁচৰ আজি সন্ধিয়া ৫ঃ৪৫ বজাত ৮৩ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত বিয়োগ হয়। ১৯৪১ চনত জন্ম গ্ৰহণ কৰা অমলপ্ৰভা কোঁচে ১৯৫৭ চনত ১৪৭ নং থেকেৰাগুৰি প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি ১৯৬১ চনত ঘিলামৰা টাউন প্ৰাথমিক বিদ্যালয়লৈ বদলি হৈ আহে।

পিছত ১৯৭০ চনত পুনৰ গোপালপুৰ প্ৰাথমিক বিদ্যালয়লৈ বদলি হৈ আহে আৰু সুদীৰ্ঘ ৪২ বছৰ চাকৰি কৰি ১৯৯৯ চনৰ নৱেম্বৰ মাহৰ এক তাৰিখে অৱসৰ গ্ৰহণ কৰে। শিক্ষকতাকে জীৱনৰ লক্ষ্য বুলি ধৰি লৈ নিষ্ঠা আৰু শ্ৰদ্ধা সহকাৰে কাম কৰি অৱসৰ গ্ৰহণ কৰা অমলপ্ৰভা কোঁচে নৰ্থ বেংক কলেজ আৰু ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যা, অন্যান্য পিছপৰা জাতিৰ ঢকুৱাখনা সমিতিৰ আজীৱন সদস্যা হিচাপে কাম কৰি অহাৰ লগতে গোপালপুৰ গাঁৱৰ আই সমাজৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল।

আজি তেওঁৰ মৃত্যুত গোপালপুৰ গাঁৱৰ ৰাইজৰ লগতে ঘিলামৰাৰ বিভিন্ন অনুষ্ঠান, ব্যক্তি-বিশেষে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ স্বামী,চাৰিগৰাকী জী, দুজন পুত্ৰ সহ বোৱাৰী, নাতি-নাতিনী, গুণমুগ্ধক এৰি থৈ যায়।

শিক্ষাবিদ, সমাজকৰ্মী অমলপ্ৰভা কোঁচৰ বিয়োগ...
কচুৱাৰ বৰপানী চাহ বাগানত ভয়ংকৰ পথ দুৰ্ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in